গুৱাহাটী,২০ ছেপ্তেম্বৰ:বিৰাট কোহলীয়ে দেওবাৰে ঘোষণা কৰিছিল যে তেওঁ ২০২১ বৰ্ষৰ আই পি এলৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়কত্ব ত্যাগ কৰিব। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অফিচিয়েল টুইটাৰ একাউণ্টত এটা ভিডিঅ' মুকলি কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে। অৱশ্যে, তেওঁ স্পষ্ট কৰি দিছে যে কেৰিয়াৰৰ অন্তিম খন মেচলৈকে তেওঁ বাংগালোৰৰ হৈ খেলিব বিচাৰে।
বিৰাটে অলপতে ভাৰতীয় টি-২০ দলৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ কৈছিল যে তেওঁ টি-২০ বিশ্বকাপৰ পিছত ভাৰতৰ টি-২০ দলৰ দলৰ অধিনায়কত্ব ত্যাগ কৰিব।
কোহলীয়ে ভিডিঅ'টোত কৈছিল,"আৰচিবিৰ অধিনায়ক হিচাপে এইটো মোৰ অন্তিম ছিজন,মই আজি সন্ধিয়া মেনেজমেণ্টৰ সৈতে কথা পাতিছিলো। মই অলপতে মোৰ কামৰ বোজা নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় টি-২০ দলৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলো।এজন খেলুৱৈ হিচাপে মই মোৰ কাম কৰি যাম।"
Comments