গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ ক'ৰনা ভাইৰাছ বহুতো প্ৰকাৰ বায়ুৰ জৰিয়তে দীঘলীয়া দূৰত্বত উপনীত হ'ব পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে, মানুহে সুৰক্ষাৰ বাবে টানকৈ লাগি থকা মাস্ক পিন্ধিব লাগে। অধ্যয়নটোত লগতে কোৱা হৈছে যে, ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ছিটাকৰণ অতিকৈ গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে তেওঁলোকৰ অধ্যয়নত জানিব পাৰিছিল যে ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলে উশাহৰ জৰিয়তে সংক্ৰমণ বিয়পাব পাৰে আৰু আলফা ৰূপ আন যিকোনো প্ৰকাৰতকৈ বায়ুত ৪৩ ৰ পৰা ১০০ গুণ বেছি বিয়পি পৰিব পাৰে।
গৱেষণা আলোচনী ক্লিনিকেল ইনফেকচিয়াছ ডিজিজেছৰ এক প্ৰকাশিত অধ্যয়নত কোৱা হৈছে যে, "কাপোৰৰ মুখা আৰু অস্ত্ৰোপচাৰৰ মুখাবোৰে বায়ুত ভাইৰাছ বিয়পা প্ৰতিহত কৰে আৰু মানুহক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখে। মেৰিলেণ্ড স্কুল অৱ পাব্লিক হেল্থৰ অধ্যাপক ডন মিল্টনে কয়, "আমাৰ নতুন অধ্যয়নটোৱে বায়ুৰ জৰিয়তে সংক্ৰমণ বিয়পোৱাৰ গুৰুত্বক সূচায়।"
"আমি জানো যে ডেল্টা প্ৰকাৰ আলফা প্ৰকাৰতকৈ অধিক সংক্ৰামক। আমাৰ অধ্যয়নটোৱে দেখুৱাইছে যে ক'ৰনাৰ বিভিন্ন প্ৰকাৰে বায়ুৰ মাজেৰে দীঘলীয়া পথ ভ্ৰমণ কৰিব পাৰে। সেইকাৰণে সকলোৱে ’টাইট ফিটিং’ মাস্ক পিন্ধাটো প্ৰয়োজনীয় আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ছিটাকৰণ কৰাটো অতিকৈ আৱশ্যকীয়।"
বৰ্তমানলৈ বিশ্বৰ ২২.৯৩ কোটিৰো অধিক লোক ক'ৰনা ভাইৰাছত আক্ৰান্ত হৈছে। মাৰাত্মক ভাইৰাছৰ ফলত এতিয়ালৈকে বিশ্বত ৪.৭ নিযুতৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা ৫ খন দেশ হৈছে আমেৰিকা, ভাৰত, ব্ৰাজিল, ব্ৰিটেইন আৰু ৰাছিয়া।
Comments