গুৱাহাটী,২১ ছেপ্টেম্বৰ: ইউৰোপিয়ান চ'ছাইটি ফৰ মেডিকেল অনক'লজীৰ বাৰ্ষিক কংগ্ৰেছত উপস্থাপন কৰা অধ্যয়ন অনুসৰি কৰ্কট ৰোগীৰ ক্ষেত্ৰত ক'ভিড-১৯ৰ প্ৰতিষেধক কাৰ্যকৰী হয়,ৰোগ প্ৰতিৰোধ প্ৰণালী বিভিন্ন কৰ্কট ৰোধী ঔষধৰ দ্বাৰা দুৰ্বল হৈ পৰিলেও ই সমানে কাৰ্যকৰী হৈ পৰে।
এক অধ্যয়নৰ ফলাফলবোৰে প্ৰকাশ কৰিছিল যে কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিসকলে কোনো পাৰ্শ্বক্ৰিয়া অনুভৱ নকৰাকৈ প্ৰতিষেধক ল'ব পাৰে।ভইচ নামৰ এটা অধ্যয়নত দেখুওৱা হৈছে যে কভিড প্ৰতিষেধক গ্ৰহণ কৰা কৰ্কট ৰোগী সকল সুস্থ হৈ আছে।
অধ্যয়নটোত নেডাৰলেণ্ডৰ একাধিক চিকিৎসালয়ৰ ৭৯১ জন ৰোগীক চাৰিটা পৃথক অধ্যয়ন গোটত ভগাই পৰীক্ষা কৰা হৈছিল য'ত ইমিউন'থেৰাপীৰে চিকিৎসা কৰা কৰ্কট ৰোগী, কেম'থেৰাপীৰে চিকিৎসা কৰা ৰোগী আৰু শেষত কেমো-ইমিউনোথেৰাপীৰ মিশ্ৰণেৰে চিকিৎসা কৰা ৰোগীসকলক মডাৰ্ণাৰ দুটা পালিৰ ভেকছিন প্ৰদান কৰা হৈছিল।
দ্বিতীয় পালিটো প্ৰয়োগ কৰাৰ ২৮ দিন পিছত, কেমোথেৰাপী লোৱা কৰা কৰ্কট ৰোগীৰ দেহত ৮৪ শতাংশ, কেমো-ইমিউনোথেৰাপী লোৱা ৰোগীৰ ক্ষেত্ৰত ৮৯ শতাংশ আৰু কেৱল ইমিউনোথেৰাপী লোৱা সকলৰ দেহত ৯৩ শতাংশ এণ্টিবডী পোৱা গৈছিল।
Comments