গুৱাহাটী,২১ ছেপ্তেম্বৰ:ৰাজপথত নহয়,এতিয়া আপুনি আকাশত চলাব পাৰিব গাড়ী।বিনাতা এৰোমোবিলিটি (ভিনাটা এৰোমোবিলিটি)ৰ যুৱ দলে নিৰ্মাণ কৰা এছিয়াৰ প্ৰথম হাইব্ৰীড ফ্লাইং কাৰৰ ধাৰণা মডেলে ভাৰতলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে,এই উৰণীয়া গাড়ী পিছত ৰাইজৰ সুবিধাৰ্থে কাৰ্গো পৰিবহণৰ লগতে চিকিৎসা সম্বন্ধীয় জৰুৰীকালীন সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব।কোম্পানীটোৱে আশা কৰে যে এই গাড়ীখনক ২০২২ চনত উৎপাদন আৰু সাধাৰণ ব্যৱহাৰৰ অনুমতি দিব পাৰিব।
এই গাড়ীখন চলাব বিচৰাসকলৰ বাবে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে ক্ৰীড়া পাইলট প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক হ'ব।গাড়ীখনত চাৰিজন লোকে যাত্ৰা কৰিব পাৰিব।এইগাড়ীখন সম্পূৰ্ণৰূপে কম্পিউটাৰাইজকৰা হৈছে যাৰ দ্বাৰা ক'ত অৱতৰণ কৰিব লাগে সেই বিষয়ে তথ্য পোৱা যাব।
এই গাড়ীখন১০০টা ঘোঁৰাৰ দৰে শক্তিশালী।গাড়ীখন মাটিত চলিব পাৰে আৰু লগতে বতাহত উৰিব পাৰে।ইয়াত ১০,০০০ ফুট উচ্চতালৈকে উৰিব পৰা ১৬০ কিলোমিটাৰ একেৰাহে চলিব পৰা ৯১২ আইএছ সমৰ্থনযুক্ত ইঞ্জিন থাকিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ অধীনত থকা ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে ইতিমধ্যে পাইলট আৰু ফ্লায়িং স্কুলসমূহক টেৰাফুজিয়া ট্ৰেঞ্জিচনৰ দ্বাৰা নিৰ্মিত বাহনখন উৰাবলৈ অনুমতি দিছে।
Comments