গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ প্ৰথমবাৰৰ বাবে গৃহ মন্ত্ৰালয়ে আইন-শৃংখলা বজাই ৰখাৰ সময়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) দ্বাৰা ব্যৱহাৰ কৰিব লগা শ্বক বেটনৰ পৰীক্ষণত অনুমোদন জনাইছে।
কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীলৈ (চিআৰপিএফ) প্ৰেৰণ কৰা পত্ৰ অনুসৰি, এই শ্বক দিয়া লাঠিবোৰ নিৰাপত্তাৰক্ষীয়ে উচ্ছৃংখল প্ৰদৰ্শনকাৰীসকলক চম্ভালিবলৈ 'আত্মৰক্ষা আৰু প্ৰতিৰোধ' হিচাপে ব্যৱহাৰ কৰিব।
বিবৃতি অনুসৰি, এই হেণ্ড হেল্ড ডিভাইচটো বেটাৰী চালিত আৰু এক কিলোগ্ৰাম ওজনৰ। ইয়াৰ আকাৰ ৪৫০ মি:মি: ৰ পৰা ৭০০ মি:মি: হ'ব। ইয়াৰ লগে লগে ৰাজহুৱা স্থানত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাজ্যৰ প্ৰশাসনক সহায় কৰাৰ সময়ত সকলো কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীয়ে এই শ্বক বেটনবোৰ ব্যৱহাৰ কৰিব পাৰিব।
প্ৰতিবাদকাৰী জনতাৰ ওপৰত কন্দোৱা গেছ, শূন্যলৈ গুলীচালনা, লাঠি চাৰ্জ আৰু গুলীচালনা কৰাতকৈ শ্বক বেটন অতিকৈ কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে।
Comments