Cartoon
View Older
গুৱাহাটী,২২ ছেপ্টেম্বৰ:উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ১৭ ছেপ্টেম্বৰত এক জাননীযোগে ৫৮০৯/৫৮১০ নম্বৰৰ নিউ বঙাইগাঁও- গুৱাহাটী বিশেষ যাত্ৰীবাহী সংক্ষেপত বহাগী নামৰ ৰে'লখন পুনৰ চলাচলৰ কথা ঘোষণা কৰিছিল। সেই অনুযায়ী আজিৰে পৰা যাত্ৰীবাহী ৰে'লখনে পুনৰ চলাচল আৰম্ভ কৰিব। এই যাত্ৰীবাহী ৰে'লখনে আজি আবেলি ৪.৪৫ বজাত নিউ-বঙাইগাঁও এৰিব আৰু নিশা ৯.২৫ মিনিটত গুৱাহাটী পাব। একেদৰে পিছদিনা পুৱা নামনিমুৱা যাত্ৰীবাহী ৰে'লখনে ৰাতিপুৱা ৫ বজাত গুৱাহাটী এৰিব আৰু ১০.২০ মিনিটত নিউ-বঙাইগাঁৱত উপস্থিত হ'ব।
Comments