গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে তেওঁৰ চুপাৰহিট কুইজ শ্ব' 'কৌন বনেগা কৰোড়পতি ১৩' ৰ জৰিয়তে আকৌ এবাৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটো টেলিভিশন ৰেটিং পইন্টৰ তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে।
মানুহেও এই অনুষ্ঠানটো চাই যথেষ্ট ভাল পায় কাৰণ এই অনুষ্ঠানটোৰ সময়ত চুপাৰষ্টাৰ অমিতাভে তেওঁৰ প্ৰিয়জনৰ সৈতে তেওঁৰ জীৱন সম্পৰ্কীয় কাহিনীও ভাগ বতৰা কৰে। শেহতীয়াকৈ আকৌ এবাৰ অমিতাভ বচ্চনে অনুষ্ঠানটোত তেওঁৰ প্ৰিয় নাতিনী আৰাধ্যই দিয়া উপহাৰৰ বিষয়ে উল্লেখ কৰিছে।
দৰাচলতে, অনুষ্ঠানটোৰ প্ৰতিযোগীৰ আসনত বহা ব্যক্তিগৰাকীয়ে অমিতাভ বচ্চনে পৰিধান কৰা কাপোৰ আৰু ষ্টাইলৰ প্ৰশংসা কৰে আৰু সেই সন্দৰ্ভত অমিতাভে কয় যে, মই মোৰ পৰিয়ালৰ সদস্যসকলৰ পৰা উপহাৰ পালে যথেষ্ট ভাল পাও। অমিতাভে তেওঁৰ ৰামধেনু জেকেটৰ বিষয়েও প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে, "জেকেটটো অভিষেক বচ্চনে তেওঁৰ জন্মদিনত তেওঁক উপহাৰ দিছিল।"
লগতে জন্মদিনৰ দিনা অমিতাভে এযোৰ ষ্টাইলিছ চশমা পিন্ধিছিল আৰু এই চশমাযোৰ তেওঁৰ নাতিনী আৰাধ্যা বচ্চনে উপহাৰ স্বৰূপে দিছিল আৰু আৰাধ্যই ধেমেলীয়া সুৰত কৈছিল, "এই চশমাযোৰ নৱবৰ্ষ উদযাপনৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল।"
Comments