গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ কৰ্ণাটক আৰক্ষীয়ে বুধবাৰে এগৰাকী মহিলা যাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগত এজন কেব চালকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্তজন কে.আৰ. পুৰমৰ ওচৰৰ আভালাহাল্লিৰ বাসিন্দা দেৱৰাজুলু বুলি চিনাক্ত কৰা হৈছে। যি মূলতঃ অন্ধ্ৰ প্ৰদেশৰ আছিল।
ইপিনে, আৰক্ষীৰ সূত্ৰ অনুসৰি, ভুক্তভোগী মহিলাগৰাকীয়ে এজন বন্ধুৰ ঘৰত পাৰ্টি কৰি অহাৰ পিছত তেওঁ নিচাসক্ত অৱস্থাত গাড়ীখন বুক কৰি যাত্ৰা কৰিছিল।
পৰৱৰ্তী সময়ত যেতিয়া মহিলাগৰাকীয়ে গন্তব্যস্থানত উপস্থিত হৈছিল তেতিয়া তেওঁ শুই আছিল আৰু তাৰে সুযোগ লৈ অভিযুক্ত চালকজনে বাহনখন ভুক্তভোগী মহিলাগৰাকীৰ ঘৰৰ ওচৰৰ এটা নিৰ্জন ঠাইলৈ নি যৌন নিৰ্যাতন চলাইছিল।
মহিলাগৰাকীয়ে ধৰ্ষণকাৰীজনৰ সৈতে যুঁজিছিল আৰু ফোনটো কাঢ়ি লৈ এটা এলাৰ্ম বজাইছিল। তেতিয়া অভিযুক্তজন সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।
অতিৰিক্ত আৰক্ষী আয়ুক্ত এছ. মুৰুগানে দিয়া ভাষ্য অনুসৰি আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।
Comments