Cartoon
View Older
গুৱাহাটী,২৩ ছেপ্তেম্বৰ:নিশ্চিত হ'ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসন।বিনা প্ৰতিদ্বন্দ্বিতাৰেই জয়ী হ'ব সোণোৱাল।সৰ্বানন্দ সোণোৱালৰ বিপক্ষে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।
ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ মনোনয়নপত্ৰ পৰীক্ষণ কৰি নিৰ্বাচনী বিষয়াই সোণোৱালৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে৷অসমৰ পৰা ৰাজ্যসভাত খালী হৈ থকা আসনখনৰ বাবে বুধবাৰে আছিল মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন৷২৭ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব সোণোৱালৰ নাম।
২৭ ছেপ্টেম্বৰৰ আবেলি তিনি বজাৰ পিছত নিৰ্বাচনী বিষয়াই ঘোষণা কৰিব আনুষ্ঠানিক ফলাফল৷২৭ ছেপ্টেম্বৰত নিৰ্বাচনী বিষয়াৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণপত্ৰ সৰ্বানন্দ সোণোৱালে নিজে ল'বহি৷
Comments