Cartoon
View Older
নতুন দিল্লী, ২২ ছেপ্টেম্বৈৰ ঃ স্থায়ী বিকাশ আৰু সৰু সৰু মহানগৰবোৰত চাকৰি সৃষ্টিৰ লক্ষ্যত উপনীত হ’বলৈ আন্তঃগাঁথনি খণ্ডত বিনিয়োগ, স্বাস্থ্য, শিক্ষা আৰু ডিজিটেল অর্থনীতিত এটা নতুন শক্তি দিয়াৰ প্রয়োজনীয়তাত ভাৰতীয় ৰিজার্ভ বেংকৰ গভর্নৰ শক্তিকান্ত দাসে আজি গুৰুত্ব আৰোপ কৰে৷
ভিডিঅ’ কনফাৰেন্স যোগে অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েশ্যনৰ (এ আই এম এ) ৪৮ সংখ্যক নেশ্যনেল মেনেজমেণ্ট কনভেনশ্যনত ভাষণ দি দাসে কয়, ‘অতিমাৰীৰ পৰা আমি উদ্ধাৰ পোৱাৰ লগে লগে আমি সংকটৰ সৈতে মোকাবিলা কৰিব লাগিব আৰু শক্তিশালী, সবল আৰু স্থায়ী বা বহনক্ষম বিকাশৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ অতিমাৰীয়ে কৰা ক্ষতি সীমিত কৰাটো প্রথম পদক্ষেপ৷ আমাৰ প্রচেষ্টা হ’ব লাগিব অতিমাৰী-পৰৱর্তী ভৱিষ্যতত (প’ষ্ট-পেনডেমিক ফিউচাৰ) স্থায়ী আৰু বহনক্ষম, বিকাশ নিশ্চিত কৰাটো৷’
Comments