গুৱাহাটী,২৩ ছেপ্তেম্বৰ:ভাৰতীয় সেনাত এজন সেনা জোৱানৰ আত্মাই কেৱল সেৱা কৰাই নহয়,আন জোৱানৰ দৰে তেওঁক দৰমহা,পদোন্নতি আৰু উক্ত পদৰ বাবে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা হৈছিল।
১৯৬৩ চনৰ ইণ্ডো-চীন যুদ্ধৰ বিষয়ে সকলোৱে জ্ঞাত। ভাৰতীয় সেনাত কৰ্মৰত হৰভজন সিং সেই যুদ্ধত শ্বহীদ হোৱা সৈনিকসকলৰ মাজৰ এজন আছিল। ১৯৬২ চনৰ ডোগ্ৰা ৰেজিমেণ্টৰ জোৱান হৰভজন সিঙে সেই ভাৰত-চীন যুদ্ধত চীনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হৈছিল। কোৱা হয় যে তেওঁৰ মৃত্যুৰ তিনিদিনৰ পিছতো ভাৰতীয় সেনাই তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।তেওঁৰ এজন সহযোগী জোৱানৰ সপোনত হৰভজন সিঙে আহি তেওঁৰ মৃতদেহৰ স্থানৰ কথা কয় বুলি উল্লেখ আছিল। তাৰ পিছত উক্ত স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি সম্পূৰ্ণ সামৰিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। কিন্তু তাৰ পাছতো হৰভজন সিং নিজৰ কৰ্তব্যৰ পৰা আঁতৰি যোৱা নাছিল।
ভাৰত-চীন যুদ্ধৰ সমাপ্তিৰ পিছত,কোৱা হয় যে হৰভজন সিঙে তেওঁৰ এজন সহযোগী জোৱানৰ সপোনত তেওঁৰ সমাধিত এটা মন্দিৰ নিৰ্মাণ কৰাৰ কথা কৈছিল। পিছত এই সপোনটোৰ মতেই হৰভজন সিঙৰ সমাধিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰ পৰা হৰভজন সিং ভাৰতীয় সেনাৰ এই ৰেজিমেন্টৰ বাবে 'বাবা' হৈ পৰিছিল। হৰভজন সিং ওৰফে বাবাই এতিয়াও ইয়াত ৰেজিমেণ্টৰ বাবে সেনাবাহিনীত সেৱা আগবঢ়াই আছে আৰু ভাৰতীয় সেনাই বাবাক সেনাত থাকোতে পোৱা সকলো সুবিধা দি আছে,জানিব পৰা মতে তেওঁক সম্পুৰ্ণ দৰমহাও দিয়া হৈছিল।
কোৱা হয় যে নাথু লা পাছত বাবাৰ নামত এটা কোঠা আজিও সজ্জিত হৈ আছে। এই কোঠাটো আন সাধাৰণ কোঠাৰ দৰে দৈনিক পৰিষ্কাৰ কৰা হয়, বিচনা তৈয়াৰ কৰা হয়, হৰভজন সিঙৰ সেনাৰ ইউনিফৰ্ম আৰু তেওঁৰ জোতা ৰখা হয়। কোৱা হয় যে প্ৰত্যেক ৰাতিপুৱা এই জোতাযোৰত বোকাৰ চিহ্ন থাকে। বাবা ভাৰতীয় সেনাৰ বাবে প্ৰচুৰ দায়বদ্ধ। সেয়েহে, ভাৰতীয় সেনাই তেওঁক নিয়মীয়া দৰমহা দিয়ে,সৈনিক হিচাপে কাম কৰা আন সৈনিকৰ দৰে তেওঁক সময়ে সময়ে পদোন্নতি দিয়া হয়। আনকি তেওঁক বছৰি ২ মাহৰ ছুটিও দিয়া হয়।
তেওঁৰ ইউনিফৰ্ম আৰু অন্যান্য সামগ্ৰী এজন হাবিলদাৰে পঞ্জাৱত থকা তেওঁৰ ঘৰলৈ পঠিয়াই দিয়ে আৰু বন্ধৰ শেষত সেইবোৰ ঘূৰাই আনে। কোৱা হয় যে এই বাবাক কেৱল ভাৰতীয় সেনাতে নহয়, সীমান্তত নিয়োজিত চীনা সেনাতো স্বীকৃতি দিয়া হয়। যেতিয়াই নাথু লা পোষ্টত চীনা-ভাৰতীয় সেনাৰ সভা হয়, চীনা সেনাই হৰভজন সিং ওৰফে বাবাৰ বাবে এখন চকীও সংৰক্ষণ কৰি ৰাখে। এইটো এটা অবিশ্বাস্য আৰু অদ্ভুত কাহিনী যদিও ই সম্পূৰ্ণ সঁচা। অৱশ্যে এজন জলন্ধৰ জোৱানে মৃত জোৱানজনক পূজা কৰা আৰু তেওঁক সকলো সুবিধা প্ৰদান কৰাৰ লগতে অন্ধবিশ্বাসৰ প্ৰচাৰ কৰাৰ বাবে ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ বাবে এতিয়া বহুতো নীতি নিয়ম সেনাই ইচ্ছাৰ বিপৰীতে কম কৰিবলগীয়া হৈছে।
Comments