গুৱাহাটী,২৩ ছেপ্টেম্বৰ: বাতিল কৰা হ'ল ছাউথ এছিয়ান এছ'চিয়েছন ফৰ ৰিজিঅ'নেল কো-অপাৰেশ্যন চমুকৈ ছাৰ্কৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক । শনিবাৰে নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া আছিল এই বৈঠকখন । জানিব পৰা মতে, ছাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিঅ'নেল কো-অপাৰেশ্যনৰ বৈঠকখনত আফগানিস্তানক প্ৰতিনিধিত্ব কৰাৰ বাবে তালিবানক অনুমতি দিবলৈ পাকিস্তানে প্ৰস্তাৱ আগবঢ়াইছিল । ভাৰত আৰু আন কেইবাখনো সদস্য ৰাষ্ট্ৰই পাকিস্তানৰ এই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনোৱা নাছিল ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰতিবছৰে এই বৈঠকখন অনুষ্ঠিত হয় । এই বৈঠকখনৰ আয়োজক দেশ আছিল নেপাল । আনহাতে, তালিবানক আজি পৰ্যন্ত ভাৰতে স্বীকৃতি দিয়া নাই । কাবুলৰ নতুন শাসন ব্যৱস্থাক এতিয়াও স্বীকৃতি দিয়া নাই বিশ্বৰ বহু ৰাষ্ট্ৰই ।
লগতে শীৰ্ষ কেবিনেট মন্ত্ৰীসকলক ৰাষ্ট্ৰসংঘৰ দ্বাৰা ব্লেকলিষ্টেড কৰা হৈছে ।আমিৰ খান মুত্তাকী আফগানিস্তানৰ তালিবান নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী আৰু তেওঁ ৰাষ্ট্ৰসংঘৰ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা নাই । দৰাচলতে, যোৱা সপ্তাহত চাংঘাই সহযোগিতা সংস্থাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, বিশ্বই আফগানিস্তানত তালিবানৰ শাসনক স্বীকৃতি দিয়াৰ আগতে চিন্তা কৰিব লাগিব ।
তেওঁ লগতে কয় যে, তালিবান নেতৃত্বাধীন চৰকাৰত মহিলা, সংখ্যালঘুসকলৰ কোনো প্ৰতিনিধিত্ব নাই । ছাউথ এছিয়ান এছ'চিয়েছন ফৰ ৰিজিঅ'নেল কো-অপাৰেচন হৈছে দক্ষিণ এছিয়াৰ আঠখন দেশৰ আঞ্চলিক সংগঠন । ইয়াৰ সদস্য ৰাষ্ট্ৰকেইখন হৈছে-বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, আফগানিস্তান, পাকিস্তান আৰু শ্ৰীলংকা ।কিন্তু তালিবানে আফগানিস্তানৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়াৰ পাছতে সংগঠনৰ সদস্যতাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে ।
জানিব পৰা গৈছে যে, অধিকাংশ সদস্য ৰাষ্ট্ৰই সন্মত হৈছিল যে, বৈঠকত আফগানিস্তানৰ আসন খালী থাকিব । কিন্তু পাকিস্তান সন্মত হোৱা নাছিল আৰু আফগানিস্তানক প্ৰতিনিধিত্ব কৰাৰ বাবে তালিবানক অনুমতি দিবলৈ প্ৰস্তাৱ দিছিল । অৱশেষত বৈঠকখন বাতিল কৰা হয় ৷
Comments