গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ দিল্লীৰ ৰেষ্টুৰেণ্ট আকিলাই শাৰী পিন্ধা এগৰাকী মহিলাক প্ৰৱেশত বাধা দিয়াৰ কথা অস্বীকাৰ কৰি স্পষ্টীকৰণ জাৰি কৰিছে আৰু বিতৰ্কৰ সঁহাৰি দিছে। আকিলা ৰেষ্টুৰেণ্টে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে সদৰি কৰিছিল যে, "এই ৰেষ্টুৰেণ্টখন এটা ঘৰুৱা ব্ৰেণ্ড যি ভাৰতীয় সম্প্ৰদায়ক সদায়ে সন্মান জনাই আহিছে। আমি আধুনিক যুগৰ পৰা পৰম্পৰাগত সাজ-সজ্জালৈ সকলো ধৰণৰ পোছাক পিন্ধি অহা অতিথিসকলক সদায় আদৰণি জনাই আহিছো।"
আনহাতে, মহিলাগৰাকীৰ সন্দৰ্ভত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই স্পষ্টীকৰণ দি কয় যে, "মহিলাগৰাকীয়ে প্ৰথমে ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰিছিল কিন্তু তেওঁৰ নামত কোনো আসন সংৰক্ষণ নোহোৱাৰ বাবে আমি নম্ৰতাৰে তেওঁক গেটত অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছিলো।"
"আমি মহিলাগৰাকীক ক'ত আসন দিব পাৰোঁ, সেই বিষয়ে আভ্যন্তৰীণভাৱে আলোচনা কৰাৰ সময়ত, অতিথিগৰাকীয়ে ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰি আমাৰ কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে ৰুদ্ৰ ৰূপ লৈ আমাৰ মেনেজাৰক চৰ সোধাইছিল।"
ইপিনে, ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ বাধা পোৱা মহিলা অনিতা চৌধুৰীয়ে সমগ্র ঘটনা সন্দৰ্ভত কৈছিল যে, "ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই উত্থাপন কৰা সকলোবোৰ অভিযোগ ভিত্তিহীন আৰু ৰেষ্টুৰেণ্টখনে মুকলি কৰা ভিডিঅ'টো ভুৱা। মই কেতিয়াও তেওঁলোকৰ কোনো কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰা নাছিলো।"
Comments