গুৱাহাটী,২৩ ছেপ্টেম্বৰ: শিশু শ্ৰমিক ৰোধ কৰা আৰু বাল্য বিবাহ বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পূৰ্বে আমি নিজেও নিজকে সজাগ কৰিব লাগিব। নিজৰ ঘৰত শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব। আজি বৰপেটাত উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এটি সজাগতা যাত্ৰাৰ শুভাৰম্ভ কৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে দৰ্শকক সম্বোধন কৰে।
তেওঁ কয় যে, শিশু সকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ফলত তেওঁলোক শৈশৱৰ শিক্ষা-দীক্ষা আৰু পৰিচৰ্য্যাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়। একেদৰে বাল্য বিবাহেও শিশুটিৰ স্বাভাবিক শাৰীৰিক মানসিক বিকাশত বাধাগ্ৰস্থ কৰে। তেওঁ এই বাৰ্তাবোৰ জিলাখনৰ প্ৰতিটো ভিতৰুৱা অঞ্চলৰ লোকৰ মাজলৈ লৈ যাবলৈ সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনায়।
এই উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাও উপস্থিত থাকে। কলিতাই জনোৱা মতে, জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ জিলাখনতে সপ্তাহজোৰাকৈ গাড়ীৰে প্ৰচাৰ অভিযান চলাবলৈ পদক্ষেপ লোৱা হৈছে। আজিৰে পৰা আৰম্ভ হোৱা এই অভিযানৰ সময়চোৱাত জিলাখনৰ প্ৰতিটো ভিতৰুৱা অঞ্চললৈ গৈ প্ৰচাৰ চলোৱা হ'ব।
ইয়াৰ পিছতে পোষণ মাহ উপলক্ষে উলিওৱা আন এক ভ্ৰাম্যমাণ প্ৰচাৰ অভিযানৰো আজি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই শুভাৰম্ভ কৰা হয়। শিশু আৰু মাতৃৰ পৰ্যাপ্ত পৰিপুষ্টি সম্পৰ্কত ৰাইজৰ মাজত নৃত্য-গীত আদিৰে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানত বৰপেটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলৰ দ্বাৰা বাটৰ নাট, নৃত্য-গীত আদি প্ৰদৰ্শনেৰে পৰিপুষ্টিৰ আৱশ্যকতা আৰু উপাদন আদিৰ সম্পৰ্কত সঠিক জ্ঞান দিয়াৰ চেষ্টা চলোৱা হ'ব।
Comments