গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ এখন অলৌকিক ঠাই, য'ত প্ৰতি ৯০ মিনিটৰ অন্তত সূৰ্য উদয় হয় আৰু অস্ত যায়। এইটো এক আচৰিত বিষয় হ'ব পাৰে, কিন্তু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই প্ৰতিদিনে ১৬ বাৰ সূৰ্যৰ উদয় হোৱা আৰু অস্ত যোৱা পৰিঘটনাৰ সাক্ষী হৈ আহিছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ মহাকাশচাৰীসকলে প্ৰায়ে এনে ধৰণৰ ঘটনাৰ বিষয়ে ভাগ বতৰা কৰে, যিয়ে মানুহক সামাজিক মাধ্যমত আচৰিত কৰি তোলে।
শেহতীয়াকৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ টুইটাৰ হেণ্ডেলত এনেধৰণৰ এটি ঘটনাৰ বিষয়ে ভাগ-বতৰা কৰা হৈছে। য'ত স্পেচৱাকবোৰে (Spacewalk) প্ৰতি ৯০ মিনিটত সূৰ্য উদয় আৰু অস্ত যোৱাৰ সাক্ষী হৈছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই ৯০ মিনিটত পৃথিৱীৰ এটা ঘূৰণীয়া পথ লয় আৰু এই সময়ছোৱাত সূৰ্য উদয় হয় আৰু ১৬ বাৰ অস্ত যায়।
নাছাই ইয়াৰ ওপৰত বিস্তাৰিতভাৱে ব্যাখ্যা কৰি কৈছিল যে, "মহাকাশৰ উষ্ণতাত যথেষ্ট পৰিৱৰ্তন হয়, কাৰণ তাত কোনো তাপমাত্ৰা বজাই ৰখা বায়ুমণ্ডল নাই। দিনৰ ভাগত সূৰ্যৰ তাপমাত্ৰা ২৫০ ডিগ্ৰী ফাৰেনহাইট লৈকে হয় আৰু যেতিয়া সূৰ্য অস্ত যায়, তেতিয়া -২৫০ ডিগ্ৰী ফাৰেনহাইট হয়।"
মহাকাশচাৰীসকল এই সময়ত সুৰক্ষিত হৈ থাকে, কিয়নো তেওঁলোকৰ বাবে স্পেচচুট তৈয়াৰ কৰা হয় যাতে তেওঁলোক অত্যাধিক তাপৰ দ্বাৰা প্ৰভাৱিত নহয়। ইয়াৰ মাজতে, তেওঁলোকে বৈজ্ঞানিক পৰীক্ষা আৰু স্পেচৱাক কৰিব পাৰে।
Comments