গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ কেতিয়াবা কিছুমান ব্যক্তিয়ে খং উঠিলে এনে কাণ্ড কৰে যাৰ বাবে তেওঁ গোটেই জীৱনটো অনুশোচনা কৰিবলগীয়া হয়। সাধৰণতে প্ৰায়ে শুনা যাই যে খঙত কোনোবাই কাৰোবাক প্ৰহাৰ কৰে বা কাৰোবাক গুৰুতৰভাৱে আঘাত কৰে। কিন্তু এজনী ছোৱালীয়ে খঙত এনে কাণ্ড কৰিলে, যাৰ বাবে গোটেই জীৱন অনুশোচনা কৰাৰ লগতে কাৰাগাৰলৈ যাব লগা হ'ল।
মূল ঘটনা অনুসৰি আৰ্জেণ্টিনাৰ লা নেচিয়ানৰ বাসিন্দা ৰোক্সানা এডেলিন লোপেজে (২২) খঙতে তেওঁৰ ২৩ বছৰীয়া প্ৰেমিক লুইছ গুয়াণ্টায়লৈ মোবাইল ফোনটো দলিয়াই যুৱকজনক হত্যা কৰিছিল। বৰ্তমান ৰোক্সানাৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া চলি আছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত, প্ৰেমিক লুইছে ৰোক্সানাক আক্ৰমণ কৰিছিল, তেতিয়া ৰোক্সানাই আত্মৰক্ষাৰ বাবে প্ৰেমিক লুইছৰ ফালে মোবাইল ফোন এটা দলিয়াই দিছিল, যাৰ ফলত লুইছে মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। লুইছে ফোনৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত মুৰৰ বিষ আৰু অস্থিৰতাৰ ভুগিছিল, যাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকসকলে লুইচক পৰীক্ষা কৰিছিল আৰু দেখিছিল যে তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পাইছে।
চিকিৎসকসকলে তেওঁৰ অস্ত্ৰোপচাৰ কৰিছিল কিন্তু অৱশেষত লুইছৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত লুইছৰ মাকে আৰক্ষীৰ ওচৰ চাপি ৰোক্সানাৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল। লগতে, ভুক্তভোগীৰ অধিবক্তাই আদালতক কৈছিল যে, "লুইছে মোবাইল ফোনৰ দ্বাৰা মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল, যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল।"
Comments