গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৈছিল যে ভাৰতে কাশ্মীৰৰ জনগাঁথনি সলনি কৰিব বিচাৰে।
লগতে ইমৰান খানে বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানিক শ্বহীদ হোৱা বুলি অভিহিত কৰে আৰু কয় যে জম্মু-কাশ্মীৰ বিবাদৰ সমাধানে দুয়োখন দেশলৈ শান্তি আনিব। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ সচিব তথা আই এফ এছ বিষয়া স্নেহা দুবেই সন্ত্ৰাসবাদৰ বিষয়ত পাকিস্তানক ঘেৰাও কৰে আৰু এটাৰ পিছত এটা বাক্যৰে পাকিস্তানক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
স্নেহা দুবেই ৰাইট-টু-ৰিলিফ ব্যৱহাৰ কৰি কয়, "এইটো প্ৰথম বাৰৰ বাবে নহয় যে পাকিস্তানৰ নেতাই মোৰ দেশৰ বিৰুদ্ধে মিছা আৰু বিদ্বেষপূৰ্ণ প্ৰচাৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মঞ্চ ব্যৱহাৰ কৰিছে। পাকিস্তানী নেতাসকলে তেওঁলোকৰ দেশৰ কৰুণ পৰিস্থিতিৰ পৰা বিশ্বৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে, য'ত সন্ত্ৰাসবাদীয়ে মুক্তভাৱে বিচৰণ কৰে। আনহাতে সাধাৰণ নাগৰিক, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক অত্যাচাৰ কৰা হয়।"
সমগ্ৰ বিশ্বৰ সন্মুখত ইমৰান খানক তীব্র বাক্যবাণেৰে সমালোচনা কৰা স্নেহা দুবেই প্ৰথম প্ৰচেষ্টাত ইউপিএছচি পৰীক্ষাত উৰ্ত্তীণ হ'বলৈ সক্ষম হৈছিল। তেওঁ ২০১২ বেটচৰ মহিলা আইএফএছ বিষয়া। আই.এফ.এছ. হোৱাৰ পিছত, তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত নিযুক্তি দিয়া হয়। তাৰ পিছত তেওঁক ২০১৪ চনত মাদ্ৰিদৰ ভাৰতীয় দূতাবাসলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্ৰথম সচিব।
Comments