গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ ৰাজস্থান আৰক্ষীয়ে এজন চোৰক গ্ৰেপ্তাৰ কৰিছে, যি মূলতঃ বিহাৰৰ বাসিন্দা, যি প্ৰায়ে বাংলাদেশৰ পৰা এখন বিমানত জয়পুৰ ভ্ৰমণ কৰিবলৈ আহিছিল। তাৰ পিছত দৰিদ্ৰ লোকৰ পোছাক পিন্ধি চহৰখনত ঘুৰি ফুৰিছিল, চহৰৰ ৰাস্তাত শুই দিন কটাইছিল আৰু চহৰখনত ডকাইতি কৰাৰ পিছত পুনৰ বিমানযোগে উভতি গৈছিল।
চোৰটোৰ বিৰুদ্ধে কোটি কোটি টকাৰ চুৰিৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়াসকলৰ মতে, মহম্মদ ৰাজজাক নামৰ অভিযুক্তজন কাটিহাৰৰ বাসিন্দা আছিল, কিন্তু যোৱা কেইবছৰমানৰ পৰা বাংলাদেশত বাস কৰি আহিছিল।
চোৰটোৱে জয়পুৰৰ বিলাসী স্থানত ডকাইতি কৰিবলৈ বিমানত সঘনাই ভ্ৰমণ কৰিছিল আৰু তাৰ পিছত পুনৰ বিমানেৰে উভতি গৈছিল। চোৰজনে নিজৰ পৰিচয় সলনি কৰি তিনিবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল আৰু প্ৰতিটো চুৰিৰ পিছত তেওঁ এগৰাকী বেলেগ পত্নীৰ সৈতে বাস কৰিছিল।
অৱশ্যে, তেওঁৰ কোনোগৰাকী পত্নীয়ে তেওঁ চোৰ বুলি নাজানিছিল। চহৰখনত চিচিটিভি ফুটেজ নিৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে প্ৰথমে চোৰটোৰ সহযোগীক গ্ৰেপ্তাৰ কৰি ৰাজজাক নামৰ চোৰটোৰ তথ্য উলিয়াইছিল।
গেঞ্জি আৰু লুঙি পিন্ধি চোৰটোৱে সহযোগী চেলিমৰ সৈতে গোলাপী চহৰত ৭ টাতকৈও অধিক ডকাইতি কাণ্ড সংঘটিত কৰিছিল।
Comments