গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ বিগ বছ অ'টিটিৰ বিজয়ীৰ নাম ঘোষণা কৰাৰ লগে লগে শীঘ্ৰেই ১৫ শিতানটি মুকলি কৰা হ'ব। ইয়াৰ লগে লগে চুপাৰষ্টাৰ ছলমান খানক আকৌ এবাৰ অনুষ্ঠানটো পৰিচালনা কৰা দেখা যাব। ছলমান খানে বিগত কেইবাটাও শিতানৰ পৰা অনুষ্ঠানটো পৰিচালনা কৰি আহিছে। ইয়াৰ বাবে নিৰ্মাতাসকলে প্ৰায়ে অভিনেতাজনৰ মাচুলৰ বাবে সমালোচনা কৰি আহিছে আৰু বৰ্তমানেও এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাকৈ থকা নাই।
বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিগ বছৰ শুভাৰম্ভ অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। যিটো ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ছলমান খানক অংশগ্ৰহণ কৰা দেখা গৈছিল। অভিনেতা গৰাকীয়ে দৰ্শকৰ সৈতে বাৰ্তালাপ কৰোঁতে নিৰ্মাতাসকলৰ সৈতে কিছু ধেমালি কৰিছিল।
য'ত ছলমানে কৈছিল যে, "তেওঁ কঠোৰ পৰিশ্ৰম কৰে গতিকে নিৰ্মাতাসকলে তেওঁৰ মাচুল বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা উচিত।" ছলমানে মাচুল বৃদ্ধিৰ কাৰণ উল্লেখ কৰি কৈছিল যে, "তেওঁৰ ঘৰত বৃদ্ধ আৰু শিশু আছে।
বিশেষ সূত্ৰৰ পৰা জানিব পোৱা মতে, ছলমান খানক বিগ বছ শিতান ১৫ ৰ বাবে সকলো খণ্ডক লৈ মুঠ ৩৫০ কোটি টকা পাৰিতোষিক দিয়া হ'ব। লগতে অভিনেতাজনে এইবাৰৰ শিতানটো ৫ মাহ ধৰি চলিব বুলি জানিবলৈ দিয়ে।
Comments
ছলমানে প্ৰকাশ কৰিলে তেওঁৰ আটাইতকৈ দীঘলীয়া সম্পৰ্কৰ কথা
Published on September 24, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ টাইগাৰ ৩ চিনেমাত ছলমানক এজেণ্ট অবিনাশ সিং ৰাঠৌৰ ওৰফে টাইগাৰ হিচাপে উভতি অহা দেখা যাব। কেটৰিনাই তেওঁৰ সংগী জয়াৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ লগে লগে শেহতীয়াকৈ ছলমানে তেওঁৰ আটাইতকৈ দীঘলীয়া সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছে।
ছলমানে ধেমালীৰ সুৰত প্ৰকাশ কৰি কৈছিল যে তেওঁৰ দীৰ্ঘতম সম্পৰ্ক ৰিয়েলিটি শ্ব' বিগ বছৰ সৈতে আছিল। প্ৰথমবাৰৰ বাবে ২০১০ চনত বিগ বছ ৪-ৰ সৈতে জড়িত হোৱাৰ পিছত, তেওঁ এক দশকৰো অধিক সময় ধৰি অনুষ্ঠানটোৰ সঞ্চালক হৈ আছে।