গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ পৃথিৱীত বহুতো অদ্ভুত খাদ্য পৰম্পৰা দেখা যায়। চীনৰ এনে কিছুমান অদ্ভুত পৰম্পৰাই সদায়ে শীৰ্ষস্থান দখল কৰি আহিছে। চীনৰ পৰা শেহতীয়াকৈ জানিব পৰা এক পৰম্পৰা অনুসৰি, মানুহবোৰে প্ৰস্ৰাৱত কণী উতলাই খাই ভাল পায়। এই অদ্ভুত পৰম্পৰা চীনৰ ঝেজিয়াং প্ৰদেশৰ ডংয়াং চহৰৰ বাসিন্দাসকলে কৰে। কিন্তু তেওঁলোকে এই পৰম্পৰা কেৱল ১০ বছৰৰ তলৰ শিশুৰ প্ৰস্ৰাৱেৰেহে সম্পন্ন কৰে।
ডংয়াঙৰ পথৰ বিক্ৰেতাসকলে প্ৰস্ৰাৱত কণী উতলায় আৰু এই কণীৰ ব্যঞ্জন তৈয়াৰ কৰে। এই কণীৰ ব্যঞ্জনটোৰ নাম হৈছে "ভাৰ্জিন বয় এগছ"। য'ত সকলোৱে এই কণীবোৰ অতি সোৱাদৰে খায় লগতে প্ৰস্ৰাৱত সিজোৱা কণীৰ বিক্ৰী সেই স্থানত বহুত বেছি। আনহাতে, পথৰ বিক্ৰেতাসকলে শিশুৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰিবলৈ বিদ্যালয়ত বাল্টি ৰাখে আৰু ১০ বছৰৰ তলৰ শিশুসকলক তাত প্ৰস্ৰাৱ কৰিবলৈ কোৱা হয়। এনেদৰে পথৰ বিক্ৰেতাসকলে প্ৰস্ৰাৱ সংগ্ৰহ কৰে।
তাৎপৰ্যপূৰ্ণভাৱে, যোৱা কেইবা শতিকাৰ পৰা বিক্ৰেতাসকলে এনেদৰে শিশুৰ প্ৰস্ৰাৱত কণী উতলাই আহিছে আৰু উক্ত চহৰৰ বাসিন্দাসকলে অতি তৃপ্তিৰে এই প্ৰস্ৰাৱত উতলোৱা কণী খাই আহিছে। এইটো তেওঁলোকৰ সংস্কৃতিৰ অংশ হৈ পৰিছে। ডংয়াঙৰ বাসিন্দাসকলে বিশ্বাস কৰে যে প্ৰস্ৰাৱত সিজোৱা কণী খোৱাৰ ফলত অত্যাধিক গৰমৰ ফলত হোৱা ষ্ট্ৰ'কৰ পৰা বাচি থাকিব পাৰি। লগতে ই সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।
ভাৰ্জিন বয় কণী নামৰ এই ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ সম্পূৰ্ণ এদিন সময় লাগে। কণীবোৰ প্ৰথমে প্ৰায় ৬-৭ ঘণ্টাৰ বাবে প্ৰস্ৰাৱত তিয়াই ৰখা হয়। তাৰ পিছত কণীবোৰ প্ৰস্ৰাৱত উতলাই দিয়া হয়। তাৰ পিছত কণীবোৰৰ বাহিৰৰ খোলাবোৰ ভাঙি যোৱাৰ পিছত কণীবোৰ প্ৰস্ৰাৱৰ বাষ্পত ৰন্ধা হয়।
Comments