গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ গ্ৰীষ্মকালত শীতল পানীয় খাবলৈ সকলোৱে ভাল পায়। কিন্তু ইয়াৰ ফলত যে কেতিয়াবা কাৰোবাৰ মৃত্যু হ'ব পাৰে সেয়া অতিকৈ আচৰিত। ঠিক এনে এক আচৰিত ঘটনা চীনৰ এজন ২২ বছৰীয়া যুৱকৰ ক্ষেত্রত সংঘটিত হৈছে, যি শীতল পানীয় খাই মৃত্যুবৰণ কৰিছিল।
মূল ঘটনা অনুসৰি গৰমৰ পৰা সকাহ পাবলৈ যুৱকজনে শীতল ডেৰ লিটাৰৰ এটা শীতল পানীয়ৰ বটল ক্ৰয় কৰি ১০ মিনিটৰ ভিতৰত গোটেই পান কৰি শেষ কৰি দিছিল। তাৰ কিছু সময় পিছতে যুৱকজনে অসহনীয় বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু চিকিৎসকৰ সহায় ল'ব লগা হৈছিল। ইমান কম সময়ৰ ভিতৰত ইমান ঠাণ্ডা পানীয় খোৱাৰ ফলত যুৱকজনৰ হৃদস্পন্দনৰ হাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ লগতে ৰক্তচাপ যথেষ্ট হ্ৰাস হৈ গৈছিল।
পৰৱৰ্তী সময়ত যেতিয়া যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, যদিও পৰৱৰ্তী সময়ত যুৱকজনৰ মৃত্যু হয়। ইপিনে, চিকিৎসকসকলে জানিবলৈ দিছিল যে ইমান শীতল পানীয় কম সময়ৰ ভিতৰত খোৱাৰ ফলত যুৱকজনৰ শৰীৰত তীব্ৰ গেছ উৎপন্ন হৈ আৰু মৃত্যু হয়।
Comments