গুৱাহাটী, ২৭ ছেপ্টেম্বৰঃ বেছিভাগ মানুহে বিদেশলৈ যাব বিচাৰে কিন্তু ব্যয়বহুল বাজেটৰ বাবে তেওঁলোকে বিদেশ ভ্ৰমণত কৰিব নোৱাৰে। কিন্তু ভাৰতৰ কিছুমান এনে ঠাই আছে যি দেখিবলৈ সাইলাখ বিদেশৰ ঠাইৰ দৰে। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ কেইটিমান বিশেষ ঠাই দেখিলে সকলো মানুহে বিদেশ ভ্ৰমণ কৰাৰ দৰে আমোদ পাই, লগতে কম খৰচতে বহুটো মনোমোহা স্মৃতি আৱদ্ধ কৰি ৰাখিব পাৰে।
বিদেশৰ দৰে সাদৃশ্য থকা দিল্লীৰ সেই বিশেষ ঠাইবোৰঃ
১. চম্পা গলি
চম্পা গলি দক্ষিণ দিল্লীৰ চাকেতত আছে। য'ত বিলাসী কেফে আৰু হস্তশিল্পৰ দোকান আছে। ইয়াক পেৰিছ ষ্টাইলত ডিজাইন কৰা হৈছে। ইয়াৰ ৰেষ্টুঁৰা শিলগুটিৰে আবৃত। যেতিয়া ৰাতি ইয়াত ষ্ট্ৰীট লাইট জ্বলে, দৃশ্যটো অতিকৈ মনোমোহা হৈ পৰে।
২. কিংদম অৱ ড্ৰিমছ
হাৰিয়ানাৰ গুৰুগ্ৰামত থকা কিংদম অৱ ড্ৰিমছ অতিতৈ আকৰ্ষণীয়। এই ঠাইত ভ্ৰমণ কৰিলে সপোনৰ চহৰত ভ্ৰমণ কৰাৰ দৰে অনুভৱ হয়। ইয়াত কিছুমান সংস্কৃতিসমূহৰ লগত পৰিচয় কৰোৱা চিহ্ন আছে, যিটো মানুহে চাবলৈ বহুত ভাল পায়। ইয়াত ৰাজ্যিক পেভিলিয়ন, ক্ৰাফ্ট ভিলেজ আৰু থিমযুক্ত ৰেষ্টুৰেণ্ট আছে।
৩. দ্য গ্ৰেণ্ড ভেনিছ মল
উত্তৰ প্ৰদেশৰ নয়ডাত নিৰ্মাণ কৰা গ্ৰেণ্ড ভেনিছ মল ইটালীৰ বিষয়বস্তুৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াত ভ্ৰমণ কৰিলে আপুনা ভেনিচত ভ্ৰমণ কৰাৰ দৰে অনুভৱ কৰিব পাৰিব। আপুনি ইয়াত ব্লু ৱাটাৰ ৱেত এখন নাও চলাব পাৰিব।
৪. ৱেষ্ট টু ৱাণ্ডাৰ থীম পাৰ্ক
যদিহে আপুনি বিচাৰে, তেন্তে আপুনি দেশৰ ৰাজধানী দিল্লীত বিশ্বৰ ৬ টা আন্তঃৰাষ্ট্ৰীয় স্থান ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ৱেষ্ট টু ৱাণ্ডাৰ থীম পাৰ্কে পৃথিৱীৰ সাতটা আশ্চৰ্য্যজনক ঠাইৰ ভিতৰত এটি ঠাই, য'ত আপুনি গিজাৰ পিৰামিড, ৰোমৰ কলোছিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেচু অফ লিবাৰ্টি, ব্ৰাজিলৰ ৰিডিমাৰ, ইটালীৰ পিছাৰ টাৱাৰ আৰু ফ্ৰান্সৰ আইফেল টাৱাৰ চাব পাৰে।
৫. ল'টাছ টেমপেল
দিল্লী ল'টাছ টেমপেল দেখিবলৈ অষ্ট্ৰেলিয়াৰ চিডনীত থকা অপেৰা হাউচৰ দৰে। ইয়াক এটা পদুম ফুলৰ দৰে দেখা যায়। ল'টাছ টেমপেলৰ ওচৰৰ বাগিচাখনৰ দৃশ্যবোৰ অতি আকৰ্ষণীয়।
Comments