গুৱাহাটী,২৭ ছেপ্টেম্বৰ:উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে থাওৰাৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ উঠিছে । সুশান্ত বৰগোহাঁইক বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব দিছে সমান্তৰালভাৱে ৰাইজৰ দলে ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । অখিল গগৈয়ে ধৈৰ্য্য কোঁৱৰক লগত লৈ প্ৰতিজন ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰাৰ সমান্তৰালভাৱে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে ।
অখিল গগৈয়ে সুশান্ত বৰগোহাঁইক উদ্দেশ্যি কয়,"পলাই যোৱা ন-বোৱাৰী আৰু বিশ্বাসঘাটক সুশান্ত বৰগোহাঁইৰ মাজত একো পার্থক্য নাই, থাওৰাবাসীয়ে আৰু তেওঁক বিশ্বাসত নলয়" । ইয়াৰোপৰি বিশ্বাসঘাতকৰ পৰা থাওৰাক বচাব লাগিব, মাত্ৰ চাৰি মাহৰ পূৰ্বে বিজেপি বেয়া, বিজেপি সাম্প্ৰদায়িক, বিজেপিয়ে অসমলৈ বিদেশী আনিছে বুলি কৈ আজি বিজেপি ভাল বুলি কোৱা মানুহক শাস্তি দিয়া বা প্ৰতিশোধ লোৱাৰ বাহিৰে আন কোনো বিকল্প নাথাকে বুলিও সুশান্ত বৰগোহাঁইক আক্ৰমণ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।
Comments