গুৱাহাটী,২৯ ছেপ্টেম্বৰ:আইপিএলত পঞ্জাৱ কিংছ আৰু ছানৰাইজাৰ্চ হাইদৰাবাদৰ শোচনীয় প্ৰদৰ্শনৰ পিছত বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এজন বিদেশী প্ৰশিক্ষকৰ সন্ধানত আছে কিয়নো অনিল কুম্বলেক পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদলৈ ঘূৰাই অনাৰ ধাৰণাটোৱে পৰিষদৰ বেছিভাগ সদস্যক প্ৰভাৱিত কৰা নাছিল।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ বাহিৰে বৰ্ডৰ অইন কোনো সদস্যই এই সিদ্ধান্তত আগ্ৰহী নহয়। সেইবাবে বৰ্ডে এতিয়া এজন বিদেশী প্ৰশিক্ষক বিচাৰি আছে। বৰ্ডৰ এক উচ্চ পদস্থ সূত্ৰই কয়,"কুম্বলে জানে যে তেওঁ একেটা পুৰণি দলৰ সদস্যৰ সৈতে মুখামুখি হ'ব লাগিব, নতুন একো নহয়, তেন্তে তেওঁ পুনৰ ভাৰতীয় দললৈ ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ।তদুপৰি গাংগুলীয়েহে তেওঁৰ নামৰ পৰামৰ্শ দিছে কিন্তু আন বিষয়াসকলে এই সন্দৰ্ভত তেওঁলোকৰ মতভেদ প্ৰকাশ কৰিছে।"
"ভিভিএছ লক্ষ্মণেও এই পদ লাভ কৰিব নোৱাৰিব। অৱশ্যে, এতিয়াও এমাহ বাকী আছে,পিছত সাল-সলনি হোৱাৰো সম্ভাৱনা আছে।প্ৰশিক্ষক হিচাপে কুম্বলেৰ অভিলেখ আকৰ্ষণীয় নহয়। আই পি এলত পঞ্জাৱ কিংছৰ সৈতে কি হৈ আছে সকলোৱে দেখা পাইছে।"
Comments