গুৱাহাটী,২৮ ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক জৰিমনা বিহিলে কলকাতা উচ্চ ন্যায়ালয়ে।১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক।মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু ন্যায়াধীশ অৰিজিৎ বেনাৰ্জীক লৈ গঠিত খণ্ড বিচাৰপীঠে সোমবাৰে এক নিৰ্দেশনা যোগে জৰিমনাৰ কথা ঘোষণা কৰে একেটা গোচৰতে পশ্চিমবংগ চৰকাৰ আৰু পশ্চিমবংগৰ গৃহ আন্তঃগাঁথনি উন্নয়ন নিগমক ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ।
ভূমি আৱণ্টন সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত এই নিৰ্দেশনা আদালতৰ । কলকাতাৰ সমীপৰ নিউ টাউনত এখন বিদ্যালয় স্থাপনৰ বাবে চৰকাৰে খেলুৱৈ গৰাকীক অবৈধভাৱে ভূমি আৱণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছিল । বিচাৰপীঠে নিৰ্দেশনাত কয় যে আদালতে ভূমিৰ আৱণ্টন বাতিল কৰাৰ প্ৰয়োজন নাই ৷ কিয়নো সংশ্লিষ্ট বিভাগে ইতিমধ্যে আৱণ্টন কাৰ্য স্থগিত ৰাখিছে ।কিন্তু নীতি বহিৰ্ভূতভাৱে ন্যায়ালয়ৰ নিৰ্দেশনাৰ বিপৰীতে চৰকাৰে ক্ষমতা প্ৰয়োগ কৰাৰ বাবে আদালতে ৰাজ্য আৰু পশ্চিমবংগ চৰকাৰ আৰু পশ্চিমবংগৰ গৃহ আন্তঃগাঁথনি উন্নয়ন নিগমক ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।
ইফালে আদালতে সৌৰভ গাংগুলী আৰু 'গাংগুলী শিক্ষা আৰু কল্যাণ সমিতি'ক ১০ হাজাৰ টকাৰ জৰিমনা বিহে । আদালতৰ মতে ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাক অৱমাননা কৰি তেওঁলোকে এই কাম কৰিছে ।আদালতৰ মতে, খেলুৱৈসকলক সকলোৱে সন্মান কৰে আৰু দেশবাসী সদায় খেলুৱৈৰ ওচৰত থাকে । সৌৰভ গাংগুলীয়ে ক্ৰিকেটৰ জৰিয়তে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে । কিন্তু যেতিয়া আইনৰ প্ৰশ্ন আহে, ভাৰতীয় সংবিধানে সকলোকে সমান চকুৰে চায় । আদালতৰ মতে আইনৰ ঊৰ্ধত একো হ'ব নোৱাৰে ।
Comments