গুৱাহাটী,২৮ ছেপ্টেম্বৰ:চাৰিলেনযুক্ত পথ নিৰ্মানৰ নামত অসমীয়াৰ কলা-সংস্কৃতি-স্বাভিমানৰ ওপৰত পুনৰ কুঠাৰঘাট কৰাৰ অভিযোগ উত্থাপিত হৈছে বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ ওপৰত । চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাপি, পেঁপা, তাল সম্বলিত প্ৰতীকচিহ্নক ৰাইজৰ অগোচৰে চাৰিলেন যুক্ত পথ নিৰ্মাণকাৰী সন্থাই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি সৰ্বত্ৰে ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিত ।
এই সময়তে ঘটনাস্থলীত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । এই সন্দৰ্ভত চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ ল’ব বুলিও জানিবলৈ দিয়ে বিধায়কজনে । আনহাতে, দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ চামগুৰিত উপস্থিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন সহ বিজেপিৰ দলীয় নেতা কৰ্মী ।
বিজেপি চৰকাৰৰ এনে কিছু সিদ্ধান্তই এতিয়া ক্ষোভিত কৰি তুলিছে সাধাৰণ জনতাক।সামাজিক মাধ্যমতো হৈছে ইয়াৰ ব্যাপক চৰ্চা।তদুপৰি চাৰিলেন যুক্ত পথ নিৰ্মানৰ নামত বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাই প্ৰায়ে সাধাৰণ জনতাক ভয় ভাবুকি প্ৰদান কৰি অহা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে।
Comments