গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ক'ভিড মহামাৰীৰ লাহে লাহে অৱসান ঘটাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ছয় মাহৰ বিৰতিৰ অন্তত, ৰাজ্যত প্ৰাথমিক শ্ৰেণীৰ বিদ্যালয়লমূহৰ পাঠদান কাৰ্যসূচী পুনৰ আৰম্ভ হ'ব। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেণীভিত্তিক পাঠদান আগন্তুক ১৯ অক্টোবৰৰ পৰা সকলো ক'ভিড প্ৰট'কল পালন কৰি পুনৰ আৰম্ভ কৰা হ'ব বুলি ৰাজ্য চৰকাৰে এক জাননীযোগে প্ৰকাশ কৰিছে।
* চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহে প্ৰাথমিক শ্ৰেণী (প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী) আৰু উচ্চ প্ৰাথমিক শ্ৰেণী (ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী) স্তৰৰ পাঠদান সপ্তাহত তিনিদিনৰ বাবে অনুষ্ঠিত কৰা হ'ব।
* তৃতীয় শ্ৰেণীৰ পাঠদান, প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত হ'ব। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান প্ৰতি মঙলবাৰে, বৃহস্পতিবাৰে আৰু শনিবাৰে অনুষ্ঠিত কৰা হ'ব বুলি জাননীখনত প্ৰকাশ কৰা হৈছে।
* একেদৰে, ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীভিত্তিক পাঠদান প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত কৰা হ'ব। লগতে সপ্তম শ্ৰেণীৰ পাঠদান, প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত কৰা হ'ব। ইপিনে, আনহাতে অষ্টম শ্ৰেণীৰ পাঠদান প্ৰতি বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে অনুষ্ঠিত কৰা হ'ব।
* জাননীখনত লগতে প্ৰকাশ কৰা হৈছে যে, একোটাকৈ শাখাত ৩০ জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব। অৱশ্যে, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ উপস্থিতি বাধ্যতামূলক নহ'ব আৰু অভিভাৱকৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জাননীখনত প্ৰকাশ কৰা হৈছে।
* বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু শ্ৰেণী শিক্ষকসকলে শ্ৰেণীসমূহৰ সময়ত ক'ভিড মহামাৰীৰ বাবে ল'বলগীয়া ব্যৱস্থাপ্ৰণালী কঠোৰভাৱে নিৰীক্ষণ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা নিৰ্দেশ দিয়া হৈছে।
Comments