গুৱাহাটী,১ অক্টোবৰ:হোজাই জিলাত যান-বাহন চালক সকললৈ প্ৰশাসনৰ তৰফৰ পৰা নতুন নিৰ্দেশনা ৷ ইন্ধন ক্ৰয় কৰাৰ সময়ত চালকসকলে দেখুৱাব লাগিব এপালি হ’লেও ক’ভিড প্ৰতিশেষধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ ৷ বৃহস্পতিবাৰে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোজাই জিলা পথ সুৰক্ষা কমিটীৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
এই সভাতেই উপায়ুক্ত গৰাকীয়ে দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা পৰিবহণ বিভাগৰ লগতে আৰক্ষীক যৌথভাৱে জিলাখনত তালাচী অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে।সভাত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, হেলমেট আৰু মাস্ক পৰিধান নকৰা দুচকীয়া বাহনৰ চালকসকলে ইন্ধন ক্ৰয় কৰিব নোৱাৰিব।এই সভাখনত উপস্থিত আছিল অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, জিলা পৰিবহণ বিষয়া তামচিন আফটাব, উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল।
Comments