গুৱাহাটী, ১ অক্টোবৰঃ টেলিভিশনৰ আটাইতকৈ বিতৰ্কিত ৰিয়েলিটি শ্ব' 'বিগ বছ' এতিয়া আকৌ এবাৰ আৰম্ভ হ'বলৈ গৈ আছে। অনুষ্ঠানটোক এইবাৰ সম্পূৰ্ণ বেলেগ ৰূপত দেখা যাব আৰু এইবাৰ অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ নামবোৰ অতিকৈ আচৰিত।
বৰ্তমান, বিগ বছ ১৫ আৰম্ভ হোৱাৰ আগতে, এজন ব্যক্তিৰ প্ৰৱেশ কৰাৰ খবৰ পোৱা গৈছে, যি সকলো মানুহৰ মুখলৈ আনন্দ কঢ়িয়াই আনিব পাৰে। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি টেলিভিশনৰ জনপ্রিয় তাৰকা জয় ভানুশালীয়ে বিগ বছ ১৫ ত প্ৰৱেশ কৰিছে।
অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ নাম পূৰ্বৰে পৰা ক্ৰমান্বয়ে আহি আছে। তালিকাখনত গায়ক, টেলিভিশন অভিনেতা, চিনেমাৰ অভিনেতা, ইউটিউবাৰ আদি অন্তৰ্ভুক্ত আছে। কিন্তু এতিয়ালৈকে কোনো ডাঙৰ তাৰকাৰ নাম প্ৰকাশ পোৱা নাছিল।
এক বিশেষ প্ৰতিবেদন অনুসৰি, জয় ভানুশালীয়ে অনুষ্ঠানটোত প্ৰতিযোগী হৈ প্ৰৱেশ কৰিছে। জয় ভানুশালীয়ে কেৱল টিভিতে নহয় বলীউডতো কাম কৰিছে। তেওঁ হেট ষ্টৰী ২ আৰু 'এক পহেলি লীলা'ত কাম কৰিছে।
'বিগ বছ ১৫'ত কৰণ কুন্দ্ৰা, তেজস্বী প্ৰকাশ, বিধি পাণ্ডিয়া, ডোনাল বিষ্ট, আকাচা সিং, চিম্বা নাগপাল, ওমৰ ৰিয়াজ, চাহিল শ্ৰফ, ঈশান চেহগল, বিশাল কোটিয়া আৰু মিছা আয়াৰে অংশগ্রহণ কৰিছে। ইয়াৰ উপৰিও, বিগ বছ অ'টিটিৰ শমিতা চেট্টী, নিশান্ত ভট্ট আৰু প্ৰতীক সাহপালেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।
Comments