Classifieds
View All
গুৱাহাটী, ১ অক্টোবৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে ২৩ খন ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিলৈ ৭,২৭৪.৪০ কোটি টকাৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি মুকলি কৰে। পাঁচখন ৰাজ্যই ইতিমধ্যে দ্বিতীয় কিস্তিৰ পৰিমাণ ১,৫৯৯.২০ কোটি টকা আগতীয়াকৈ লাভ কৰিছে।
গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই এই সন্দৰ্ভত কয় যে, "এই পুঁজি মুকলিয়ে ৰাজ্যসমূহক ক'ভিড-১৯ৰ ভুক্তভোগী সকলৰ নিকটাত্মীয়ক অনুদান দিয়াৰ ব্যয় পূৰণ কৰাত সহায় কৰিব।"
এই বছৰৰ এপ্ৰিল আৰু মে' মাহত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ ফলত হাজাৰ হাজাৰ লোকৰ প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ ১ মে'ত ৮,৮৭৩.৬ কোটি টকাৰ ৰাজ্যসমূহৰ এছ ডি আৰ এফক কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি মুকলি কৰা দিছিল।
Comments