গুৱাহাটী,৩০ ছেপ্টেম্বৰ:ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।অভিযুক্ত সহকাৰী অধ্যাপক গৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক উৎপীড়ন কৰাৰ দৰে এক লজ্জাজনক অভিযোগ উত্থাপিত হৈছে।ইয়াৰ পূৰ্বে অইন এজন শিক্ষাৰ্থীয়েও অধ্যাপকজনৰ অশ্লীল আচৰণৰ বিষয়ে অভিযোগ কৰিছিল।
শিক্ষাৰ্থীসকলে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে সঠিক তদন্ত কৰিব লাগিব আৰু তদন্তত দোষী সাব্যস্ত হ’লে বিশ্ববিদ্যালয়ৰ পৰা সোনকালে বৰ্খাস্ত কৰিব লাগে।
পাণ্ডে উপাধীৰ উক্ত সহকাৰী অধ্যাপকজনে হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে ছাত্ৰীসকলক অশ্লীল বাৰ্তাৰে যৌন নিৰ্যাতন কৰে বুলি অভিযোগ উত্থাপন হৈ আহিছে।ইতিমধ্যে স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ইয়াৰ সঠিক তদন্ত বিচাৰি আৰু অভিযুক্তক শাস্তি দিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।
Comments