গুৱাহাটী, ৩০ ছেপ্টেম্বৰঃ খাদ্যতকৈ আমাৰ শৰীৰৰ বাবে পানী অধিক গুৰুত্বপূৰ্ণ। আমাৰ শৰীৰত প্ৰায় ৬০ শতাংশ পানীৰে পৰিপূৰ্ণ হোৱাৰ বাবে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত পানীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেয়াই নহয়, পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিস্কাশন কৰাত সহায় কৰে। আপুনি যিমানে অধিক পানী খাব, আপোনাৰ ছাল আৰু চুলি সিমানে স্বাস্থ্যৱান আৰু উজ্জ্বল হৈ থাকিব। এনে পৰিস্থিতিত, গোটেই দিনটো পানী সেৱন কৰি নিজকে সতেজ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।
দৈনিক ৰাতিপুৱা শুই উঠি গ্ৰহণ কৰক এই বিশেষ পানীগিলাচঃ
আপুনি দিনটোৰ আৰম্ভণি কুহুমীয়া পানীত নেমুৰস মিহলাই খাই আৰম্ভ কৰিব পাৰে। ইয়াক ৰাতি শুবলৈ যোৱাৰ খালেও শৰীৰৰ বহু উপকাৰ কৰে।
ইয়াৰ লাভালাভসমূহঃ
১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ই অতিকৈ কাৰ্যকৰী। নেমু ভিটামিন চি উপাদানেৰে সমৃদ্ধ। ইয়াত যথেষ্ট পটাছিয়াম থাকে যি ৰক্তচাপৰ স্তৰ নিয়ন্ত্রণত ৰাখে।
২. শৰীৰটো সতেজ কৰি ৰাখে। শোৱাৰ আগতে এগিলাচ কুহুমীয়া পানীত নেমুৰস মিহলাই খালে শৰীৰটোক সতেজ কৰি তোলে। লগতে নেমু আপোনাৰ ছালৰ বাবে যথেষ্ট উপকাৰী। নেমুপানীয়ে ছালখন ময়শ্চাৰাইজ কৰি ৰখাত সহায় কৰে।
৩. ওজন হ্ৰাস কৰাত নেমুপানী যথেষ্ট কাৰ্যকৰী। কিছুমান লোকৰ চেনীৰ সৈতে নেমু পানী খোৱাৰ অভ্যাস আছে। কিন্তু মনত ৰাখিব, যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে চেনীৰ সৈতে নেমু পানী খোৱা পৰিহাৰ কৰিব। চেনী অবিহনে এই নেমুপানী খালে, শৰীকৰ চৰ্বি আঁতৰ কৰাত সহায় কৰে। গতিকে শুবলৈ যোৱাৰ আগতে গৰম পানীত নেমুৰস মিহলাই খালে ওজন নিয়ন্ত্ৰণত কৰি ৰখাত সহায় কৰে।
৪. নেমুপানী পি এই চ স্তৰ বৰ্তাই ৰাখে। নেমুপানীত চাইট্ৰিক আৰু এস্কৰ্বিক এচিড থাকে যি আপোনাৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া স্বাস্থ্যকৰ কৰি ৰাখে আৰু পিএইচ স্তৰ সন্তুলিত কৰি ৰখাত সহায় কৰে।
৫. মুখখনত সতেজ কৰি ৰাখে। ৰাতি বিচনালৈ যোৱাৰ আগতে এগিলাচ কুহুমীয়া পানীত নেমুৰস মিহলাই মুখখন ধুলে, মুখ পৰিষ্কাৰ হোৱাৰ লগতে সতেজ কৰি ৰাখে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments