গুৱাহাটী, ২ অক্টোবৰঃ ৯৬ বছৰ বয়সলৈকে জীয়াই থকাটো এক ডাঙৰ সাফল্য হিচাপে ধৰা হয় আৰু যদিহে এজন ব্যক্তিয়ে ইমান বয়সত খোজ কাঢ়ি ঘূৰি ফুৰিব পৰা অৱস্থাত থাকে তেন্তে তাক অতিকৈ উত্তম বুলি ধৰা হয়। কিন্তু উত্তৰ জাৰ্মানীত এগৰাকী ৯৬ বছৰীয়া বয়স্ক মহিলাই এনে এটা কাম কৰিছে যিটো বিশ্বাস কৰাটো অতিকৈ কঠিন হৈ পৰিছে।
মহিলাগৰাকী নাজীৰ দ্বাৰা অধিকৃত পোলেণ্ডত এছএছ কমাণ্ডাৰ সচিব আছিল, যিয়ে ১১,০০০ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীয়ে এই অভিযোগৰ বাবে আদালতৰ গোচৰৰ সন্মুখীন হৈছে, কিন্তু ইয়াৰ মাজতে তেওঁ আন এটা গোচৰত অন্তর্ভুক্ত হৈছে।
এৰ্মগাৰ্ড ফুৰ্চানাৰ নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি বিচাৰৰ বাবে আদালতলৈ অহাটো এৰাই চলিছিল। তেওঁৰ উকীলেও মহিলাগৰাকীৰ বয়সৰ কথা উল্লেখ কৰিছিল। আদালতে তেতিয়া মহিলাগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু আদালতলৈ অহাৰ পৰিৱৰ্তে মহিলাগৰাকীয়ে এখন টেক্সী ধৰি পলাই গৈছিল।
৯৬ বছৰ বয়সতো আদালত আৰু আৰক্ষীৰ পৰা পলাই যাবলৈ চেষ্টা চলোৱা মহিলাগৰাকীয়ে তেওঁৰ উদ্দেশ্যত ব্যৰ্থ হয়, আৰু কেইঘণ্টামানৰ পিছত কৰ্তৃপক্ষই তেওঁক বন্দী কৰে।
দৰাচলতে, ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীৰ শিবিৰত হাজাৰ হাজাৰ লোক নিহত হৈছিল। সেই সময়ছোৱাত, এৰ্মগাৰ্ডৰ বয়স ১৮ বছৰ আছিল, তেতিয়া তেওঁ এটা শিবিৰৰ সচিব আছিল। সেয়েহে তেওঁক কিশোৰ আদালতত বিচাৰ কৰিব লগা হৈছিল। বৰ্তমান আদালতত ৯৬ বছৰীয়া মহিলাগৰাকী সেই সময়ত শিবিৰত সংঘটিত অত্যাচাৰৰ বিষয়ে অৱগত আছিল নে নাই তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি জানিব পৰা গৈছে।
Comments