গুৱাহাটী, ৩ অক্টোবৰ:গুৱাহাটীৰ পাণবজাৰস্থিত ঐতিহাসিক ডিচি বাংলোক 'মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ' ৰূপে দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় যদিও পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰত মুকলি কৰা হ'ব। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিলে মন্ত্ৰী অশোক সিংঘালে।দেওবাৰে পুৱাৰ ভাগত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এই উপলক্ষে বিয়লি কেন্দ্ৰটোত মন্ত্ৰী অশোক সিংঘালে সাংবাদিকৰে মত-বিনিময় কৰাৰ লগতে ডিচি বাংলোৰ নতুন ৰূপ সম্পৰ্কে অৱগত কৰে।
তেওঁ কয় যে, ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা ডেৰশ বছৰীয়া ইতিহাস গৰকা ডিচি বাংলোটো সংৰক্ষণৰ লক্ষ্য আৰু বিনোদন তথা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীয়ে ।দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰৰ পৰা মুকলি হ'ব এই মহাবাহু ব্ৰক্ষ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ।এই ঐতিহ্য কেন্দ্ৰটোত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, কৃষ্টি-সংস্কৃতি, হস্ততাঁত-বস্ত্ৰশিল্প, চিত্ৰশিল্প, ইতিহাসৰ স্মৃতি বিজড়িত ফটো আদি সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।কেন্দ্ৰটোত নিৰ্মাণ কৰা মিউজিয়ামত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা দুই শতাধিক বাদ্যযন্ত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।তদুপৰি কেন্দ্ৰটোত ভিণ্টেজ আসাম শীৰ্ষক এটা ফটো গেলেৰীৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাংলোৰ বাৰাণ্ডাত পেইণ্টিং গেলেৰীৰ ব্যৱস্থা কৰা হৈছে।এই গেলেৰীত প্ৰতিমাহে এগৰাকী চিত্ৰশিল্পীয়ে চিত্ৰ প্ৰদৰ্শনী কৰাৰ লগতে চিত্ৰসমূহ বিক্ৰী কৰিব পাৰিব বুলি তেওঁ কয় ।
Comments