গুৱাহাটী,৪ অক্টোবৰ:উত্তৰ প্ৰদেশৰ লখিমপুৰৰ কৃষকসকলৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীয়ে নিৰ্মম অত্যাচাৰ কৰাৰ শতাধিক ভিডিঅ' সামাজিক মাধ্যমৰ যোগেৰে ভাইৰেল হৈ পৰে। আঘাতপ্ৰাপ্ত হোৱা কৃষক সংগঠনে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে,"কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ দেহৰক্ষী,তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ,খুৰাক আৰু অন্যান্য গুণ্ডা বাহিনীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকসকলক শাৰীৰিক ভাৱে অপদস্ত কৰাৰ লগতে এজন কৃষকক গুলীয়াই হত্যা কৰা হৈছিল।ঘটনাটোত কমেও তিনিজন কৃষক হতাহতিৰ ফলত শ্বহীদ হৈছিল আৰু প্ৰায় দহজন কৃষক আহত হৈছিল।কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে কৃষকক কৰা হত্যাৰ বাবে অতি শীঘ্ৰে গোচৰ ৰুজু কৰা হ'ব তদুপৰি চৰকাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীক তৎক্ষণাৎ বৰ্খাস্ত কৰা উচিত।
প্ৰেছ বিজ্ঞপ্তি খনত দাবী কৰা হৈছিল যে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা কৃষকসকলৰ ওপৰত হোৱা এই নিৰ্মম আৰু অমানৱীয় আক্ৰমণত বিজেপিৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিক শীঘ্ৰে তদন্তৰ মেজলৈ আনিব লাগে।
এইগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰই এজন কৃষকক গুলীয়াই হত্যা কৰা বুলিও জানিব পৰা গৈছে। মৃত আৰু আহতসকলৰ বিষয়ে অধিক তথ্য লাহে লাহে উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে। এই নিৰ্মম আক্ৰমণৰ পিছত, কৃষকসকলকো প্ৰতিশোধ ল'বলৈ প্ৰৰোচিত কৰা হৈছিল আৰু বিজেপি নেতাজনৰ বাহনখন ভাঙি জুই লগাই দিয়া হৈছিল।
Comments