গুৱাহাটী,৪ অক্টোবৰ:উত্তৰ প্ৰদেশৰ লখিমপুৰৰ কৃষকসকলৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীয়ে নিৰ্মম অত্যাচাৰ কৰাৰ শতাধিক ভিডিঅ' সামাজিক মাধ্যমৰ যোগেৰে ভাইৰেল হৈ পৰে। ঘটনাটোৰ পিছত প্ৰিয়ংকা গান্ধী কালি সন্ধিয়া লক্ষ্ণৌ বিমানবন্দৰত উপস্থিত হৈছিল আৰু লখিমপুৰ খেৰীলৈ ৰাওনা হৈছিল।আৰক্ষীয়ে ৰাস্তাত তেওঁক কেইবাবাৰো বাধা দিয়াৰ চেষ্টা কৰে।তেওঁৰ কনভয়ক লক্ষ্ণৌত ৰখাই দিয়া হৈছিল আৰু তেওঁ অৱস্থান কৰা ঘৰটোৰ চাৰিওফালেৰে ঘেৰি ধৰিছিল।
বৰ্ষীয়ান কংগ্ৰেছী নেতা শ্ৰীনিবাসে ইয়াৰ বিৰোধ কৰি টুইটত কয়, "অৱশেষত সেয়া ঘটিল, বিজেপিৰ পৰা ইয়াতকৈ বেছি আশা কৰা হোৱা নাছিল। 'মহাত্মা গান্ধী'ৰ গণতান্ত্ৰিক দেশত' 'গডছে'ৰ উপাসকসকলে আমাৰ নেতা প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰিছে যিয়ে ধাৰাসাৰ বৰষুণ আৰু আৰক্ষী বাহিনীৰ সৈতে যুঁজ দি কৃষক সকলক লগ কৰিবলৈ গৈছিল। এইটো মাত্ৰ যুঁজৰ আৰম্ভণি!কৃষক একতা জিন্দাবাদ"।
লখিমপুৰলৈ যাওঁতে বাধা দিয়াৰ কেইবাটাও উদাহৰণৰ পিছত প্ৰিয়ংকা গান্ধীয়ে বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়,"মই ভুক্তভোগীৰ আত্মীয়ক লগ কৰাৰ সিদ্ধান্ত লৈ কোনো অপৰাধ কৰা নাই!আপুনি আমাক কিয় বাধা দিছে? কোনোধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ কোনোবাক কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে?"
দেওবাৰে লখিমপুৰ খেৰীৰ ঘটনাত প্ৰায় আঠজন লোকৰ মৃত্যু হয়,লখিমপুৰ খেৰীৰ জিলা দণ্ডাধীশ অৰবিন্দ কুমাৰ চৌৰাচিয়াই সাংবাদিকক কয়,"চাৰিজন কৃষক আৰু আন চাৰিজনৰ সাধাৰণ ব্যক্তিৰ মৃত্যু হৈছে। তদন্ত চলি আছে। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা,ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়" ।
Comments