গুৱাহাটী,৪ অক্টোবৰ:গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া সুৰাসক্ত যুৱতী ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিলে জামিন।যিটো ঘটনা বিশেষভাৱে চৰ্চালৈ আহিছে।কাৰ্ফিউ চলি থকা সময়ত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ৰাজকন্যা বৰুৱাই জামিন পোৱাক লৈ হৈছে সৰৱ চৰ্চা।অভিযোগ অনুসৰি দিছপুৰ থানাৰ গাফিলতিৰ বাবেই যুৱতীগৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হ'ল।
জামিন লাভ কৰিয়েই দুদিনৰ আগলৈকে গিজ গিজাই থকা ৰাজকন্যাই নিজৰ ব্যৱসায়ৰ স্থল ইষ্টাগ্ৰাম একাউণ্ট কৰিলে লক আৰু সামাজিক মাধ্যমৰ যোগেৰে প্ৰকাশ কৰে ডিপ্ৰেশ্যনত থকাৰ কথা। তেওঁ কয়,"মোৰ বহু ঠাইত আঘাত হৈছে।মই ১৮ ঘণ্টালৈকে উপযুক্ত চিকিৎসা লাভ কৰা নাছিলোঁ,বৰ্তমান মই চিকিৎসালয়ত আছোঁ।মহানগৰীত দৈনিক বহুতো দুৰ্ঘটনা হয় কিন্তু সংবাদ মাধ্যমে মোৰ ঘটনাকহে বঢ়াই কৈছে।মই যদি কিবা নকৰিব লগীয়া কাম কৰোঁ তেন্তে ইয়াৰ বাবে দায়ী হ'ব সংবাদ মাধ্যম।মই ডিপ্ৰেশ্যনৰ চিকিৎসা গ্ৰহণ কৰি আছোঁ আৰু মোৰ স্বাস্থ্যৰ অৱস্থা ঠিক নহয়।"
উল্লেখযোগ্য যে শুকুৰবাৰৰ নিশা প্ৰায় ১.৩০ বজাত পঞ্চতাৰকা হোটেলত পাৰ্টি কৰি ঘৰলৈ উভতাৰ পথত ৰাজকন্যা বৰুৱাই ৰুক্মিণী গাঁৱৰ সমীপত ৰাজপথত কৰ্মৰত হৈ থকা ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়ে।এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিঙি দুটুকুৰা হৈছিল।ইয়াৰে দুজনৰ অৱস্থা এতিয়াও অতি সংকটজনক।এই ঘটনাটো সংঘটিত কৰাৰ পাছত কোনো ধৰণৰ অনুতপ্ত নোহোৱা যুৱতীগৰাকীয়ে অৱশেষত জামিন লাভ কৰে।জামিন মঞ্জুৰ কৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।
Comments