গুৱাহাটী, ২ অক্টোবৰঃ আজি ২ অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সেই উদ্দ্যেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটৰ গান্ধী সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে আজি কেইবাটাও আঁচনি আৰম্ভ কৰিব লগতে পুৱা ১১ বজাত গাওঁ পঞ্চায়ত আৰু জল সমিতিৰ সৈতেও বাৰ্তালাপ কৰিব।
ইপিনে, মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, "ৰাষ্ট্ৰৰ পিতৃ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। শ্রদ্ধেয় বাপুৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক কৰ্তব্যৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।'
আনহাতে, কংগ্ৰেছে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ ওপৰত এখন আলোচনাচক্ৰৰ আয়োজন কৰিব। এই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ আলোচনাচক্ৰৰ বিষয়বস্তু হ'ব 'গান্ধী কেৱল অতীত নহয় ভৱিষ্যতো'। এই আলোচনাচক্ৰখন আবেলি ৩ বজাত আৰম্ভ হ'ব।
Comments