গুৱাহাটী, ২ অক্টোবৰঃ বলীউডৰ বিখ্যাত অভিনেতা তথা মহাতাৰকা ধৰ্মেন্দ্ৰই তেওঁৰ চিনেমা আৰু তেওঁৰ শৈলীৰে হিন্দী চিনেমা জগতত এক শক্তিশালী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। অভিনেতাজনে 'দিল ভি তুমহাৰা হম ভি তুমহে' চিনেমাৰ জৰিয়তে হিন্দী চিনেমা জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত কেইবাখনো হিট ছবিত অভিনয় কৰিছিল।
কিন্তু বলীউডৰ জগতখনত ভৰি দিয়াৰ আগতে ধৰ্মেন্দ্ৰই এটা আমেৰিকান ড্ৰিলিং কোম্পানীৰ সৈতে কাম কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ আমেৰিকালৈ যোৱাৰ প্ৰস্তাৱ লাভ কৰিছিল, কিন্তু তেওঁ সেই বিলাসী চাকৰি প্ৰত্যাখ্যান কৰি মুম্বাইলৈ অহাৰ সিদ্ধান্ত লৈছিল। পিছত অভিনেতা ধৰ্মেন্দ্ৰই মুম্বাইলৈ আহি এটা ভাড়াঘৰৰ বাৰান্দাত বাস কৰিছিল।
মেনছ ৱৰ্ল্ড ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ পুত্ৰ ববি দেওলে নিজেই এই কথা প্ৰকাশ কৰিছিল। ববি দেওলে তেওঁৰ দেউতাকৰ বিষয়ে কৈছিল, 'মই পাপাৰ প্ৰথম ছবি 'দিল ভি তুমহাৰা হম ভি তুমহাৰা' চাইছিলো, য'ত তেওঁক যথেষ্ট দুৰ্বল দেখা গৈছিল। দীঘলীয়া সংগ্ৰামৰ পিছত তেওঁক চিনেমাত দেখা গৈছিল।"
ববি দেওলে লগতে কৈছিল যে, 'চিনেমালৈ অহাৰ আগতে তেওঁ আমেৰিকান ড্ৰিলিং কোম্পানীত কাম কৰিছিল আৰু আমেৰিকালৈ যোৱাৰ প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল, কিয়নো তেওঁৰ হৃদয় কেৱল চিনেমাতহে আছিল।"
Comments