Choose Language

  • All  
  • English
  • অসমীয়া

মধুমেহ ৰোগীয়ে এই ৫ বিধ আহাৰ সঠিকভাৱে গ্ৰহণ কৰি প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে ৰক্ত শৰ্কৰা 


Published on October 2, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

উত্তৰাখণ্ডত হিমস্খলনৰ ফলত ৫ জন ভাৰতীয় নৌসেনাৰ পৰ্বতাৰোহী সন্ধানহীন


Published on October 2, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২ অক্টোবৰঃ শুকুৰবাৰে ভাৰতীয় নৌসেনাৰ পাঁচজন পৰ্বতাৰোহী উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ ত্ৰিশূল পৰ্বতৰ শিখৰত উপনীত হ'বলৈ গৈ থকাৰ সময়তে হিমস্খলন হয় আৰু আটাইকেইজন পৰ্বতাৰোহী সন্ধানহীন হৈ পৰে। 

সেনাৰ এক বিবৃতিত কোৱা হৈছে যে, উত্তৰকাশী স্থিত নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিঙৰ এটা উদ্ধাৰকাৰী দলে অধ্যক্ষ কৰ্ণেল অমিত বিষ্টৰ নেতৃত্বত নিৰুদ্দেশ হৈ থকা লোককেইজনৰ সন্ধানত হিমস্খলন হোৱা অঞ্চললৈ ৰাওনা হৈছে।

ইপিনে, হেলিকপ্টাৰৰ দ্বাৰা সহায় কৰা ভাৰতীয় সেনা, বায়ু সেনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) এটা মিলিত দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি ভাৰতীয় নৌসেনাৰ পৰ্বতাৰোহীসকলৰ এটা ২০ জনীয়া দলে ১৫ দিন পূৰ্বে ৭, ১২০ মিটাৰ মাউণ্ট ত্ৰিশূললৈ অভিযান আৰম্ভ কৰিছিল আৰু শুক্ৰবাৰে পুৱা প্ৰায় ৫ বজাত অঞ্চলটোত হিমস্খলন হৈছিল।

Ad
Cartoon
View Older

 

December 4, 2022




From Our Archive

Create Account