গুৱাহাটী, ২ অক্টোবৰঃ বাংগালুৰুৰ প্ৰক্ৰুথি লেআউট অঞ্চলত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। য'ত এগৰাকী পত্নী তথা মাকে ক'ভিড আক্রান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পিছতে তেওঁৰ ১৫ বছৰীয়া পুত্ৰ আৰু ৬ বছৰীয়া কন্যাৰ সৈতে আত্মহত্যা কৰে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
মৃতসকলক বসান্থা (৪০), তেওঁৰ পুত্ৰ যশৱন্ত আৰু তেওঁৰ জীয়েক নিশবিকা বুলি চিনাক্ত কৰা হৈছে। বসান্থাই বিগত বৰ্ষত তেওঁৰ স্বামী প্ৰসন্ন কুমাৰক হেৰুৱাইছিল, যি এজন বিএমটিচি বাছ চালক তথা কণ্ডাক্টৰ আছিল।
ইপিনে, সমগ্ৰ ঘটনাটো শুক্ৰবাৰে সন্ধিয়া পোহৰলৈ আহিছিল যেতিয়া বসান্থাৰ ভায়েক ঘৰলৈ আহিছিল আৰু ফোন কৰাত বসান্থাই ফোনৰ উত্তৰ দিয়া নাছিল। আৰক্ষীয়ে বসান্থাৰ দ্বাৰা লিখা এখন দীঘলীয়া চুইচাইড নোট উদ্ধাৰ কৰে য'ত তেওঁ বৰ্ণনা কৰিছে যে, ক'ভিড-১৯ৰ ফলত তেওঁৰ স্বামী প্ৰসন্ন কুমাৰৰ মৃত্যুৰ পিছত তেওঁৰ জীৱন কেনেদৰে সলনি হৈছে। মৃত্যুৰ টোকাত, তেওঁ উল্লেখ কৰিছে যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁ ভয়, উদ্বিগ্ন আৰু দিশহাৰা হৈ পৰিছিল। সেয়েহে তেওঁলোকে জীৱন শেষ কৰি দিয়ে।"
আৰক্ষীয়ে বসান্থা আৰু জীয়ৰী নিশবিকাৰ মৃতদেহ একেলগে ওলমি থকা অৱস্থাত পাইছিল আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ পৃথকে ওলমি থকা অৱস্থাত পাইছিল।
Comments