গুৱাহাটী,৫ অক্টোবৰঃ ফেচবুক,ইনষ্টাগ্ৰাম আৰু মেচেজিং এপ হোৱাটছএপ প্ৰায় ৬ ঘণ্টাৰ বাবে বিশ্বৰ বহু ঠাইত বন্ধ হৈ পৰিছিল।বহুতো ব্যৱহাৰকাৰীয়ে টুইটাৰত অভিযোগ কৰিছিল যে তেওঁলোকে তেওঁলোকৰ হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট খুলিব পৰা নাই। হোৱাটছএপ ব্যৱহাৰকাৰীসকলে বাৰ্তা প্ৰেৰণ বা লাভ কৰা নাছিল। একে সময়তে, ভইচ আৰু ভিডিঅ' কলবোৰতো সমস্যাৰ সন্মুখীন হৈছিল। ৪৩ শতাংশ ব্যৱহাৰকাৰীয়ে কৈছিল যে তেওঁলোকে ফেচবুক,ইনষ্টাগ্ৰাম আৰু মেচেজিং এপ হোৱাটছএপ ত প্ৰৱেশ কৰাত অসুবিধা পাইছে। আনহাতে বাকী ২৭ শতাংশই কয় যে তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিব পৰা নাই।
হোৱাটছএপে টুইট কৰি কৈছিল,"আমি অৱগত যে কিছুমান হোৱাটছএপ ব্যৱহাৰকাৰীয়ে বৰ্তমান কিছুমান সমস্যাৰ সন্মুখীন হৈছে।আমি এই খেলিমেলিটো আঁতৰাবলৈ কাম কৰি আছো আৰু আমি সোনকালেই ইয়াক আপডেট কৰিম"। হোৱাটছএপৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামেও ব্যৱহাৰকাৰীক সকাহ দিয়াৰ উদ্দেশ্যে টুইটাৰৰ জৰিয়তে নিজৰ মন্তব্য দাঙি ধৰিছিল।প্ৰায় ৬ ঘণ্টা বিৰতিৰ অন্তত পুনৰ কাৰ্য্যক্ষম হৈ পৰিল ফেচবুক,ইনষ্টাগ্ৰাম আৰু মেচেজিং এপ হোৱাটছএপ।
Comments