গুৱাহাটী,৫ অক্টোবৰ:সোমবাৰে বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিছিল হোৱাটছ এপ lফেচবুক, ইনষ্টাগ্ৰাম ৷ব্যৱহাৰকাৰী সকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৷ তেওঁ ফেচবুকৰ জৰিয়তে কয়,"আজিৰ অসুবিধাসমূহৰ বাবে মই ক্ষমা বিচাৰিছো।মই জানো আপোনালোকে প্ৰিয় ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপন কৰি ৰাখিবলৈ আমাৰ সেৱাসমূহৰ ওপৰত কিমান নিৰ্ভৰশীল।
এই স্থৱিৰতাৰ বাবে মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ৭ বিলিয়ন ডলাৰ হ্ৰাস পাইছে, যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত এক নম্বৰ স্থান পিছুৱাই পঞ্চম স্থানত অধিস্থিত হৈছিল।
সোমবাৰে ছ'চিয়েল-মিডিয়া প্লেটফৰ্ম ফেচবুকৰ ষ্টক প্ৰায় ৫ শতাংশ হ্ৰাস পায়,যাৰ ফলত ছেপ্টেম্বৰৰ মাজভাগৰ পৰা এতিয়ালৈকে ই প্ৰায় ১৫ শতাংশ হ্ৰাস হয়।সোমবাৰে ষ্টক শ্লাইডৰ মতে জুকাৰবাৰ্গৰ সম্পত্তিৰ মূল্য ১২০.৯ বিলিয়ন ডলাৰলৈ হ্ৰাস হয় যাৰ ফলত তেওঁ ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত পঞ্চম স্থানলৈ নামি যায়। ছেপ্টেম্বৰৰ পৰা তেওঁ প্ৰায় ১৯ বিলিয়ন ডলাৰ সম্পদ হেৰুৱাইছে।
Comments