গুৱাহাটী,৫ অক্টোবৰ:উত্তৰ প্ৰদেশৰ লখিমপুৰৰ কৃষকসকলৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীয়ে নিৰ্মম অত্যাচাৰ কৰাৰ শতাধিক ভিডিঅ' সামাজিক মাধ্যমৰ যোগেৰে ভাইৰেল হৈ পৰে। ঘটনাটোৰ পিছত প্ৰিয়ংকা গান্ধী কালি সন্ধিয়া লক্ষ্ণৌ বিমানবন্দৰত উপস্থিত হৈছিল আৰু লখিমপুৰ খেৰীলৈ ৰাওনা হৈছিল।আৰক্ষীয়ে ৰাস্তাত তেওঁক কেইবাবাৰো বাধা দিয়াৰ চেষ্টা কৰে।তেওঁৰ কনভয়ক লক্ষ্ণৌত ৰখাই দিয়া হৈছিল আৰু তেওঁ অৱস্থান কৰা ঘৰটোৰ চাৰিওফালেৰে ঘেৰি ধৰিছিল।
প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি টুইটাৰৰ মাধ্যমেৰে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২৪ ঘণ্টাতকৈও অধিক সময় ধৰি অবৈধভাৱে বন্দী কৰি ৰাখিছে। বিৰোধীক কোনো আদেশ অবিহনে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনে ভয়ংকৰ অপৰাধ কৰা এজন ব্যক্তিক কিন্তু গ্ৰেপ্তাৰ কৰাৰ সাহস চৰকাৰৰ হোৱা নাই।
কংগ্ৰেছ নেত্ৰী গৰাকীয়ে স্বাধীনতা দিৱসৰ বাৰ্ষিকীৰ সৈতে সম্পৰ্কিত এক অনুষ্ঠান "আজাদী কা অমৃত মহোৎসৱ"ত ভাগ লবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে।
তেওঁ আজি টুইটাৰত এটা ভিডিঅ' আকাৰে কয়,"মোডী-জীয়ে স্বাধীনতা উদযাপন কৰিবলৈ আহিছে। কোনে আমাক স্বাধীনতা দিছিল? কৃষকসকলে আমাক স্বাধীনতা দিছিল। লক্ষ্ণৌত এই স্বাধীনতা উদযাপন কৰিবলৈ,আপোনাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ নকৰিবলৈ আপোনাৰ কি নৈতিক কৰ্তৃত্ব আছে? যদি এই মন্ত্ৰীজনে মন্ত্ৰী হৈ থাকে তেন্তে এই চৰকাৰৰ সেয়া হ'ব বৃহৎ বিফলতা।"
Comments