গুৱাহাটী, ৫ অক্টোবৰঃ ছোহা আলী খানে ৪ অক্টোবৰত তেওঁৰ ৪৩ তম জন্মদিন উদযাপন কৰিছে। অভিনয় জগতত ভৰি দিয়াৰ পিছত তেওঁ বহু বছৰ ধৰি চিনেমাত কাম কৰিছিল, কিন্তু তেওঁৰ এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত, তেওঁ চিনেমা জগতক বিদায় জনায়। অভিনেত্ৰী ছোহাই অভিনেতা কুনাল খেমুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু ছোহাৰ সৈতে থকাটো কুনালৰ বাবে ইমান সহজ নাছিল। কুনালে নিজেই এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল।
বলীউডৰ অভিনেতা কুনাল খেমু আৰু ছোহা আলী খানে ২০১৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কুনাল আৰু ছোহা বিবাহৰ আগতে দীৰ্ঘদিন ধৰি একেলগে আছিল। তাৰ পিছত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু দুয়োজনৰ মাজৰ সম্পৰ্ক ইমান সহজ নাছিল, কিয়নো ছোহা আছিল এটা ৰাজপৰিয়ালৰ, আনহাতে কুনাল এটা সাধাৰণ পৰিয়ালৰ আৰু এইটো কেতিয়াবা তেওঁৰ ব্যক্তিগত জীৱনত প্ৰতিফলিত হৈছিল।
এদিন, এটি বিশেষ সাক্ষাৎকাৰত কুনাল খেমুয়ে বৰ্ণনা কৰিছিল যে, কেনেকৈ তেওঁ ছোহাৰ সৈতে কথা পাতিবলৈ অভিধান ব্যৱহাৰ কৰিব লগা হৈছিল। তেওঁ কৈছিল যে, "ছোহাই বিদেশত পঢ়ি আহিছে আৰু তেওঁৰ ইংৰাজী বহুত ভাল আৰু মোৰ ইংৰাজী বৰ ভাল নহয়। এদিন আমাৰ মতানৈক্য হোৱাৰ সময়ত, ছোহাই কেইটামান শব্দ কৈছিল যিবোৰ মই অনলাইন অভিধানত বিচাৰিব লগা হৈছিল।"
ইপিনে, দুয়োজনৰ প্ৰেমকাহিনীৰ কথা ক'বলৈ গ'লে, কুনালে পেৰিছত ছোহা আলী খানক বিবাহৰ প্ৰস্তাৱ দিছিল। দুয়োজনৰ বিবাহ অনুষ্ঠান ৰাজকীয়ভাৱে অনুষ্ঠিত হৈছিল।
Comments
কৰীণা কাপুৰ খানে উদঙালে ননদৰ এক বিশেষ ৰহস্য
Published on October 4, 2021|News Source : অৰূপ ডেকা
তেওঁৰ শুভকামনাত, কৰীণা কাপুৰ খানে চেইফ আলী খানৰ ভগ্নীৰ বিষয়ে এটি বিশেষ কথা প্ৰকাশ কৰিছে, যাৰ বিষয়ে কেৱল কমসংখ্যক লোকেহে জ্ঞাত।