Choose Language

  • All  
  • English
  • অসমীয়া

শীতকালত ছাল কোমল কৰি ৰখাৰ উপায়


Published on October 5, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

এক চামুচ আজৱাইনে কিদৰে নিয়ন্ত্রণ কৰিব পাৰে ইউৰিক এচিড, জানক ইয়াক গ্ৰহণ কৰাৰ পদ্ধতিসমূহ


Published on October 4, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৪ অক্টোবৰঃ আজিকালি, বৃদ্ধ হওঁক বা যুৱক-যুৱতী হওঁক, বেছিভাগ মানুহে ভুগি থকা ৰোগবিধেই হৈছে ইউৰিক এচিড। ইউৰিক এচিড হৈছে এক ৰাসায়নিক পদাৰ্থ যি পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থক সৰু টুকুৰাত বিভক্ত কৰে। যেতিয়া শৰীৰত ইয়াৰ স্তৰ বৃদ্ধি হয়, তেতিয়া বহুতো স্বাস্থ্যজনিত সমস্যা উৎপন্ন হয়। এই সমস্যাবোৰৰ ভিতৰত আছে আৰ্থ্ৰাইটিছ, মধুমেহ, হৃদৰোগ আৰু বৃক্কৰ সমস্যা। ইয়াক নিয়ন্ত্রণ কৰিবলৈ চিকিৎসকৰ সৈতে আলোচনা কৰি ঔষধ গ্ৰহণ কৰাৰ উপৰিও কিছুমান ঘৰুৱা পৰামৰ্শৰ দ্বাৰাও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। 

এনে বহুতো ব্যঞ্জন আছে যিবোৰত আজৱাইন যোগ নকৰিলে সুস্বাদু হৈ নপৰে। কিন্তু ইয়াক খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত বহু পৰিমাণে কাৰ্যকৰী। ইয়াত অমেগা ৩ ফেটি এচিড থাকে যি বৰ্ধিত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে।  ইউৰিক এচিড ৰোগীয়ে আজৱাইন এনেদৰে ব্যৱহাৰ কৰিব।

ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ আজৱাইন গ্ৰহণ কৰাৰ পদ্ধতিসমূহঃ

ইউৰিক এচিডত ভুগি থকা এজন ব্যক্তিয়ে প্ৰতিদিনে একগিলাচ পানীত আজৱাইন মিহলি কৰি খালী পেটত খাব। আপুনি ৰাতি বিচনালৈ যোৱাৰ আগতে গিলাচ এটাত এক চামুচ আজৱাইন যোগ দিয়ক আৰু ইয়াক ৰাতিটো পানীত তিয়াই ৰাখক। ৰাতিপুৱা এই পানীখিনি চেকি লৈ খাওক। 

আজৱাইন খোৱাৰ অন্যান্য লাভালাভবোৰঃ

১. পেটৰ সৈতে সম্পৰ্কীয় বিভিন্ন ধৰণৰ সমস্যা আঁতৰ কৰেঃ যদি আপুনি এচিডিটি আৰু কোষ্ঠকাঠিন্যত ভুগি আছে তেন্তে আজৱাইনে আপোনাক যথেষ্ট উপকৃত কৰিব।

২. গাঁঠিৰ বিষ শিথিল কৰেঃ যদি আপুনি গাঁঠিৰ বিষত ভুগি আছে তেন্তে আজৱাইন অতিকৈ কাৰ্যকৰী। ইয়াত প্ৰদাহ-প্ৰতিৰোধী উপাদান থাকে যি আৰ্থ্ৰাইটিছৰ সমস্যা উপশম কৰাত সহায় কৰে। 

৩. সংক্ৰমণ প্ৰতিৰোধ কৰেঃ আজৱাইনত এণ্টি-বেক্টেৰিয়েল উপাদান থাকে। এই বেক্টেৰিয়া-প্ৰতিৰোধী উপাদানবোৰে শৰীৰক চৰ্দিৰ দৰে ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে।
 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account