গুৱাহাটী, ৫ অক্টোবৰঃ অভিনেত্ৰী য়ামী গৌতমে প্ৰকাশ কৰিছে যে তেওঁ কেৰাটোচিছ পিলাৰিছ নামৰ এবিধ ছালৰ ৰোগত ভুগি আছে। লগতে তেওঁ কিশোৰ অৱস্থাতে এই ৰোগত আক্রান্ত হৈছিল আৰু ইয়াৰ কোনো চিকিৎসা নাই বুলি য়ামীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। কেৰাটোচিছ পিলাৰিছ হৈছে এক স্থিতি যাৰ ফলত ছালত খহটা দাগ আৰু ই সৰু শালমইনা সদৃশ হয়।
অভিনেত্রী গৰাকীয়ে টুইটাৰত তেওঁৰ ফটোবোৰ শ্বেয়াৰ কৰি লিখিছিল, "হেল্লো বন্ধুসকল, মই অলপতে কিছুমান ছবিৰ বাবে দৃশ্যগ্ৰহণ কৰিছিলোঁ আৰু যেতিয়া তেওঁলোকে কেৰাটোচিছ-পিলাৰিছ নামৰ মোৰ ছালৰ অৱস্থা লুকুৱাবলৈ পোষ্ট-প্ৰডাকচন কৰিবলৈ ওলাইছিল, মই ভাবিছিলো, 'হেই য়ামি, তুমি কিয় এই সত্যটো গ্ৰহণ নকৰা আৰু ইয়াৰ সৈতে থাকিবলৈ তাক ভালকৈ গ্ৰহণ নকৰা কিয়।"
আনহাতে, য়ামীয়ে কৈছিল, "মই কিশোৰ অৱস্থাতে ছালৰ এই ৰোগত আক্রান্ত হৈছিলো আৰু ইয়াৰ কোনো চিকিৎসা নোহোৱা বাবে এতিয়াও মই এই ৰোগত ভুগি আছো। মই বহু বছৰ ধৰি ইয়াৰ সৈতে মোকাবিলা কৰি আহিছো। কিন্তু অৱশেষত, মই মোৰ সকলো ভয় আৰু শংকাক দমন কৰি সকলো কথা খুলি ক'বলৈ সিদ্ধান্ত ল'লো। মই মোৰ 'অসুন্দৰ খিনিক আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ সাহস পাইছিলো।"
Comments