গুৱাহাটী,৪ অক্টোবৰ :৫ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ৬ অক্টোবৰৰ সন্ধিয়া ৫ বজালৈ ডিমা হাচাও জিলা বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডি এইচ ডি উগ্ৰপন্থী সংগঠনৰ সদস্যৰ কেডাৰসকলে । লংকাৰ বৰ্মন পথাৰত দেওবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে অস্ত্ৰবিৰতিত থকা ডি এইছ ডি সংগঠনৰ নেতৃত্বই ।
সংগঠনৰ নেতৃত্বই সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি চুক্তি উলংঘন কৰাৰ প্ৰতিবাদত এই ৩৬ ঘন্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁলোকে লগতে সংবিধানৰ ২ আৰু ৩ নং অনুচ্ছেদ মতে ডিমা ৰাজ্যগঠন, শান্তি চুক্তি ৰূপায়ন, ডি এইছ ডি সদস্যসকলক শীঘ্ৰে পুনৰ সংস্থাপন, বৰ্মন উন্নয়ণ বৰ্ডখন পৰিষদলৈ উন্নীতকৰণকে ধৰি কেইবাটাও দাবী পূৰণ নকৰাৰ প্ৰতিবাদত এই বন্ধ কাৰ্যসুচী ঘোষণা কৰে।
২০১২ চনৰ ৮ অক্টোবৰত নতুন দিল্লীৰ নৰ্থ ব্ল’কত ডিমাচা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত ডি এইচ ডি আৰু ডি এইচ ডি (জে) উগ্ৰপন্থী সংগঠনৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷ কিন্তু এই চুক্তি স্বাক্ষৰিত হোৱাৰ ৯ বছৰ পাৰ হৈ যোৱাৰ পিছতো চুক্তিত সন্নিবিষ্ট চৰ্তসমূহ আজিও ৰূপায়ন হোৱা নাই বুলি অভিযোগ কৰিছে প্ৰাক্তন ডিএইচডিৰ সদস্যসকলে ।
Comments