Classifieds
View All
গুৱাহাটী,৪ অক্টোবৰ:কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ঝাড়ুৰে এটা কোঠা পৰিষ্কাৰ কৰি থকাৰ ভিডিঅ' ছচিয়েল মিডিয়াত হৈ পৰে ভাইৰেল।সূত্ৰঅনুসৰি, ভিডিঅ'টোত থকা কোঠাটো হৈছে প্ৰিয়ংকাক সীতাপুৰত আটক কৰি থোৱা গৃহটো অৰ্থাৎ একপ্ৰকাৰৰ বন্দী গৃহ।
কোঠাটো যথেষ্ট লেতেৰা আছিল আৰু প্ৰিয়ংকাই নিজেই ঝাড়ু বিচাৰি পৰিষ্কাৰ কৰিছিল।কংগ্ৰেছ কৰ্মীসকলে আৰক্ষী বিষয়াসকলক তেওঁলোকৰ নেতাক পৰিষ্কাৰ কোঠা নিদিয়াৰ বাবে সমালোচনা কৰিছিল।
এজন স্থানীয় কংগ্ৰেছ নেতাই কয়,"এয়া তেওঁলোকৰ স্বচ্ছ ভাৰত নেকি? এয়া হৈছে আমাৰ নেতা যিয়ে কোনো হুলস্থুল নকৰাকৈ ঝাড়ুৰে নিজেই কোঠালী পৰিষ্কাৰ কৰি আছে।"
Comments