গুৱাহাটী, ৪ অক্টোবৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। য'ত এজন ব্যক্তিয়ে এগৰাকী ৫২ বছৰীয়া মহিলাক জীৱন্ত অৱস্থাত জ্বলাই দিছিল। ভুক্তভোগীগৰাকী ব্যক্তিজনৰ প্ৰাক্তন প্ৰেমিকা বুলি জানিব পৰা গৈছে। ইপিনে, ব্যক্তিজনে মহিলাগৰাকীৰ ওপৰত পেট্ৰ'ল ছটিয়াই, তেওঁৰ দেহত অগ্নিসংযোগ কৰিছিল। অৱশ্যে, মহিলাগৰাকীৰ নাতিনী নিৱেই সাহসেৰে আইতাকক মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।
বিশেষ সূত্ৰৰ পৰা পোৱা এক প্ৰতিবেদন অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ নাম ডোবোৰাহ ৰোমো বুলি জানিব পৰা গৈছে। তেওঁ টেক্সাচৰ চান এণ্টনিঅ'ত বাস কৰে। তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰবাৰ্টে তেওঁক চাবলৈ আহিছিল। তাৰ পিছত তেওঁলোকৰ মাজত মতানৈক্য হোৱাত খং উঠি ৰবাৰ্টে মহিলাগৰাকীক ৰাস্তাত পেলাই দিছিল। তাৰ পিছত তেওঁ মহিলাগৰাকীৰ ওপৰত পেট্ৰ'ল ঢালি দেহত জুই লগাই দিছিল।
তাৰ পিছত আইতাকাৰ চিঞৰ শুনি নিৱে ঘৰৰ পৰা ওলাই আহিছিল আৰু আইতাকৰ দেহত জুই লগা দেখি ঘৰলৈ দৌৰি গৈ জুই নিৰ্বাপিত কৰিবলৈ পানীভৰ্তি বাল্টি এটা আনি আইতাকৰ দেহত ঢালি দিয়ে। মহিলাগৰাকীৰ শৰীৰটো প্ৰায় ৩৫ শতাংশ জ্বলি গৈছিল।
কেৱল সেয়াই নহয়, ১০ বছৰীয়া নিৱেই ২ বছৰীয়া সৰু ভনীয়েককো জুইৰ ধোঁৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান, আৰক্ষীয়ে অভিযুক্ত ৰবাৰ্টৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছে।
Comments